প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সাত অভিযুক্তক মঙলবাৰে কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। হাজিৰ হোৱাৰ পিছত আদালতে গোচৰটোৰ অহা ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰে। গোচৰৰ অভিযোগনামা দাখিলৰ পিছত মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰথমটো শুনানীত অভিযুক্ত ৭ জনকে ভিডিঅ’ কনফাৰেন্স যোগে কাৰাগাৰৰ পৰা হাজিৰ কৰোৱা হয়।
