জুবিন গাৰ্গ মৃত্যুৰ পাছতে মাটিক পুতি থোৱা শিলচটাক ধূপ-চাকিৰে পূজা কৰিবলৈ লৈছিল অনুৰাগীসকলে। দিন-ৰাতিয়ে উক্ত শিলচটাৰ সন্মুখত জ্বলি আছিল এগছি চাকি।কিন্তু যোৱা দুদিনৰ পূৰ্বে সেই শিলচটাক উক্ত স্থানৰ পৰা উভালি দলিয়াই দিয়ে কোনো লোকে। কেৱল দলিয়াই দিয়াই নহয়, অনুৰাগীসকলে উপহাৰ দিয়া গামোচাবোৰকো যেনি-তেনি দলিয়াই দিয়ে। এই ঘটনা সামাজিক মাধ্যমত বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।স্থানীয় লোকে জনোৱা অনুসৰি, নন্দন মাষ্টৰ নামৰ এগৰাকী লোকৰ দখলত আছে উক্ত ভূমিখিনি। তেৱেই সেই শিলচটা উভালি পেলোৱাৰ লগতে উক্ত স্থানত ‘প্ৰাইভেট পপাৰেটী’ৰ ফলক আৰিছে বুলি অভিযোগ কৰিছে ৰাইজে। অৱশ্যে এতিয়া পুনৰ একাংশ ৰাইজে উভালি দলিয়াই দিয়া শিলচটা স্থাপন কৰিছে উক্ত স্থানত।
