আজি ঈশ্বৰপুত্ৰৰ ওপজা দিন ৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ দুখৰ মাজতো অনুৰাগীৰ মাজত উছাহৰ ঢল ৷এক আৱেগিক পৰিৱেশ, শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ আলোকচিত্ৰ সন্মুখত ৰাখি উদযাপন কৰা এই জন্মদিনত অনেকৰ দুচকুত নিগৰিল অশ্ৰুৰ টোপাল । কোনোবাই আলোকচিত্ৰত অৰ্পন কৰিলে গামোচা, কোনোবাই সানি দিলে কেক… তেনেকৈয়ে নিশাই উদযাপিত হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ ওপজাদিন ।
ঘড়ীৰ কাটাই নিশাৰ ১২ বজাৰ সংকেত দিয়াৰ লগে লগে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ চৌদিশে গুঞ্জৰিত হ’ল ‘জয় জুবিনদা’, ‘হেপ্পী বাৰ্থ ডে’ৰ ধ্বনি । ইয়াৰ সমান্তৰালকৈ মায়াবিনী শীৰ্ষক গীতৰ সুৰে-সুৰে অনুৰাগীয়ে কাটিলে কেক । প্ৰাণৰ শিল্পীৰ অবৰ্তমানত এয়া প্ৰথমটো ওপজা দিন উদযাপন ।
