ফেমিনা এচিভাৰ্ছ এৱাৰ্ডচ ২০২৫ ত ‘এক্সেলেন্স ইন ফেশ্বন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ’ জয়ৰে ষ্টাইলিয়াৰ উপস্থিতি সম্প্ৰসাৰিত কৰে জৰিনা লস্কৰে

8

২০২৫ চনৰ ২ মার্চ তাৰিখে গুৱাহাটীৰ তাজ ভিভান্টাত অনুষ্ঠিত হোৱা FEMINA ACHIEVERS’ AWARDS 2025 NORTHEAST ত প্রখ্যাত ফেশন উদ্যোগী জাবিনা লস্কৰক ‘এক্সেলেন্স ইন ফেশ্বন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ’ বঁটাৰে সন্মানিত কৰা হৈছে। ৰাক উপত্যকাৰ পৰা অহা জাবিনা লস্কাৰে ফেশ্বন উদ্যোগত উল্লেখযোগ্য সফলতা অর্জন কৰিছে। তেওঁৰ উদ্ভাবনীমূলক ডিজাইন আৰু উদ্যোগীকৰণৰ মনোভাৱেৰে ফেশ্বন উদ্যোগলৈ নতুনত্ব আনিছে। এই স্বীকৃতিয়ে ফেশ্বন উদ্যোগলৈ তেওঁৰ ব্যতিক্রমী অৱদান আৰু থলুৱা উত্তৰ-পূবৰ কাপোৰক আধুনিকতা, উদ্ভাবনীমূলক ডিজাইনৰ সৈতে মিহলাই দিয়াৰ প্ৰতি তেওঁৰ নিষ্ঠাক উজ্জ্বল কৰি তুলিছে। বৰাক উপত্যকাৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ যাত্ৰা তেওঁৰ অদম্য দৃঢ়তা আৰু দৃষ্টিভংগীৰ প্রমাণ হিচাপে থিয় দিছে। ফেশ্বন উদ্যোগত জাবিনা লস্কাৰৰ STYLEYA পৰম্পৰাগত শৈলীৰ সংমিশ্ৰণৰ বাবে পৰিচিত। ২০১৭চনত পৰাই অসমৰ দক্ষ শিপিনী আৰু গৃহিণীৰ দ্বাৰা নিৰ্মিত উত্তৰ-পূব ভাৰতৰ উন্নতমানৰ হাতেৰে বোৱা কাপোৰক সন্নিবিষ্ট কৰি ফেশনক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে ব্রেগুটোরে প্রতিশ্রুতিবদ্ধ আছিল। আধুনিক ফেশ্বন ট্রেণ্ডৰ লগত খাপ খুৱাই অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰি STYLEYA ভাৰতীয় ফেশ্বন উদ্যোগৰ এক উল্লেখযোগ্য ফেশ্বন বেন্ড হিচাপে স্বীকৃতি পাইছিল।

উল্লেখযোগ্য যে STYLEYA ইষ্ট ইন্ডিয়া ফেশন উইকৰ দৰে চেলিব্রিটি ফেশ্বন প্লেটফৰ্মত তেওঁৰ ব্ৰেণ্ডক প্রদর্শিত কৰিছে। শিশুৰ পোছাকৰ ক্ষেত্ৰত আগন্তুক সম্প্ৰসাৰণৰ সৈতে কাফটান, বুর্খা, ডিজাইনাৰ কুর্তি, লেহেংগা আৰু শেহতীয়াকৈ মুকলি কৰা পুৰুষৰ সংকলনকে ধৰি ডিজাইনাৰ পোছাকৰ বিস্তৃত পৰিসৰ আগবঢ়োৱাৰ বাবে স্টাইলিয়াই প্রশংসা লাভ কৰিছে। তেওঁৰ ব্যতিক্রমী যাত্রা আৰু অৱদান উদযাপন কৰি তেওঁৰ হাতত দিয়া হ’ল এই বঁটা। বঁটা লাভ কৰি জাৰিনা লস্কাবে কয় যে, “আমাৰ যাত্ৰা আৰম্ভ হৈছিল থলুৱা কাপোৰ ব্যৱহাৰ কৰি সুকীয়া ডিজাইনাৰ কাপোৰ তৈয়াৰ কৰাৰ। এই বঁটাটো STYLEYA ৰ কঠোৰ পৰিশ্ৰম আৰু আবেগৰ প্ৰমাণ। উদ্ভাবনীমূলক ডিজাইন সৃষ্টি কৰাৰ উপৰিও STYLEYA সামাজিক সবলীকৰণৰ প্ৰতি গভীৰভাৱে প্রতিশ্রুতিবদ্ধ। ব্রেগুটোৱে সমগ্র অসমৰ দক্ষ মহিলা শিপিনীসকলৰ সৈতে সহযোগিতা কৰি তেওঁলোকৰ কাৰ্য্যক বৃহৎ মঞ্চত প্ৰদৰ্শন কৰাৰ লগতে আর্থিক স্বাধীনতা লাভ কৰাত সহায় কৰে।”

উল্লেখযোগ্য যে FEMINA ACHIEVERS’ AWARDS 2025 NORTHEAST, বিভিন্ন উদ্যোগৰ পৰা নিজ নিজ ক্ষেত্রত প্রভাব পেলোৱা অসাধাৰণ মহিলাসকলক স্বীকৃতি দিয়ে। ফেশ্বন উদ্যোগীকৰণ শাখাত জাবিনা লস্কাৰৰ স্বীকৃতিয়ে তেওঁৰ অদম্য একাগ্রতা আৰু ফেশনৰ জৰিয়তে সামাজিক সবলীকৰণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা। তেওঁৰ সফলতাৰ কাহিনীয়ে উচ্চাকাংক্ষী উদ্যোগী বিশেষকৈ মহিলাসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে, যিয়ে প্রমাণ কৰে যে অধ্যৱসায়, সৃষ্টিশীলতা আৰু গভীৰ শিপাই থকা আবেগে উল্লেখযোগ্য কৃতিত্বৰ সূচনা কৰিব পাৰে। STYLEYA এ নিজৰ সংগ্ৰহ সম্প্ৰসাৰণ আৰু নতুন বজাৰ অন্বেষণ কৰি থকাৰ সময়তে জাবিনা লস্কাবে পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ ব্যৱধান দূৰ কৰি উত্তৰ-পূবৰ ফেশ্বনক বিশ্বব্যাপী দর্শকৰ মাজলৈ লৈ যোৱাৰ অভিযানত অটল হৈ আছে।