বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে। সেইবাবেই মহম্মদ ইউনুছে হয়তো আকৌ এবাৰ ক’লে বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ। যিটো অংশক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।দেশখনৰ ভাঙি যোৱা অৰ্থনীতিক জোৰা লগাবলৈ বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে।ইউনুছৰ এই মন্তব্য পাছতে পুনৰ বংগোপসাগৰৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ভাৰতত। “বংগোপসাগৰৰ এটা অংশ আমাৰ দেশৰ…”, দেশখনৰ গণ অভ্যুত্থানৰ বৰ্ষপূৰ্তিৰ উপলক্ষে এই মন্তব্য প্ৰকাশ কৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ।অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছৰে পৰা ইউনুছে বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব প্ৰদান কৰি আহিছে। সেই অনুসৰি অৰ্থনৈতিক চিন্তা-চেতনাৰে তেওঁ চীনৰ সৈতে যোগাযোগ কৰিছিল। ক’ব পাৰি যে, ইয়াৰ পৰাই বংগোপসাগৰ বিষয়টোকলৈ বিতৰ্ক আৰম্ভ হৈছিল।
