বিশাখাপট্টনমত যোগাভ্যাসৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ ডিঙিত দেখা গ’ল অসমৰ ফুলাম গামোচা। অসমীয়াৰ গামোচাখনক দিয়া আদৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি সমগ্ৰ দেশতে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এইবাৰ বিষয়বস্তু হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”। এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনমত ৩ লাখ লোকৰ সৈতে যোগাসন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে যোগে মানুহক বিশ্বৰ সৈতে ঐক্যলৈ লৈ যায়, য’ত আভ্যন্তৰীণ শান্তি বিশ্ব নীতিত পৰিণত হয়। মানৱতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰাচীন প্ৰথাৰ আৰম্ভণি।
