বলীউডৰ জনপ্ৰিয় ফিটনেছ প্ৰশিক্ষক য়াছমিন কৰাচিৱালা আৰু অভিনেত্ৰী সোহা আলী খানে ভিন্ন জগতক প্ৰতিনিধিত্ব কৰিব পাৰে কিন্তু ফিটনেছ আৰু চলচ্চিত্ৰৰ ব্যস্ততাৰ মাজতো সন্তানক ডাঙৰ-দীঘল কৰাৰ কথা অহাৰ লগে লগে দৃষ্টিভংগী সুন্দৰকৈ সংগতি ৰাখে। তেওঁলোকৰ মতে, “সুস্থতা কোনো পৰিঘটনা নহয়; ই এক জীৱন-ধাৰণৰ পদ্ধতি”। আলমণ্ড আৰু বেৰী(ফলমূল)ৰ দৰে স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰাৰ পৰা আৰম্ভ কৰি সক্ৰিয় হৈ থকা, বাস্তৱসন্মত ৰুটিন আঁকোৱালি লোৱা আৰু পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটোৱালৈকে—দুয়োগৰাকীয়ে প্ৰকাশ কৰে যে কেনেকৈ নিজৰ ঘৰ আৰু জীৱন দুয়োটাতে ভাৰসাম্য সৃষ্টি কৰি চলি আহিছে।
“মই নিশ্চিত কৰোঁ যে ইনায়া আৰু মোৰ প্ৰতিদিনে যাতে যিকোনো প্ৰকাৰে শাৰীৰিক গতিবিধি বা চলাচল হয়—সেয়া লাগিলে অলপ যোগাসনে হওক, ড্ৰয়িং ৰূমত নাচি লোৱাই হওক অথবা শুই উঠাৰ আগতে কেৱল একেলগে ব্যায়ামে হওক,” সোহাই এইদৰে সদৰি কৰে। য়াছমিন কৰাচিৱালাই বিশ্বাস কৰে যে প্ৰতিদিনে আপোনাৰ শৰীৰটো কম কমকৈ হ’লেও লৰচৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টান্তমূলক পৰিৱৰ্তন আহিব পাৰে। য়াছমিন কৰাচিৱালাই কয় যে, “আপুনি কঠিন বা গধুৰ ব্যায়াম কৰিব নালাগে। মাত্ৰ শৰীৰটো গতিশীল কৰি ৰাখিব লাগে। এয়াই যথেষ্ট।” খোজ কঢ়া, ষ্ট্ৰেচিং কৰা বা চিৰি বগাই যোৱাৰ দৰে দৈনন্দিন সৰল অভ্যাসে আপোনাৰ স্বাস্থ্যৰ বহুখিনি উন্নতি সাধন কৰিব পাৰে।
ইয়াৰ ফলত শৰীৰৰ শক্তি বৃদ্ধি কৰে, মেজাজ সঠিকভাৱে ৰাখে, অলসতা আৰু পিঠিৰ বিষ হ্ৰাস কৰে, টোপনি ভাল কৰে, হৃদপিণ্ডৰ স্বাস্থ্য ভালে ৰখাত সমৰ্থন কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। য়াচমিনে নিজৰ সন্তানক সক্ৰিয় হৈ থাকিবলৈ সচেতন পছন্দ-অভ্যাসসমূহ কৰিবলৈ উৎসাহিত কৰে। “বয়স বাঢ়ি যোৱাৰ লগে লগে, কম সক্ৰিয় হোৱাটো সহজ, সেয়েহে মই সদায় মনত পেলাই দিওঁ যে চলা-ফুৰা কৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি-ই ভাল অনুভৱ কৰা আৰু শক্তিশালী হৈ থকাৰ আচল চাবিকাঠি”, এইদৰে উল্লেখ কৰে। য়াছমিনে লগতে কয় যে, “মোৰ পুত্ৰ আৰু মোৰ মাজত মিঠাৰ প্ৰতি টান আছে, কিন্তু পৰম্পৰাগত চেনীযুক্ত ব্যঞ্জন খোৱাৰ পৰিৱৰ্তে, আমি স্বাস্থ্যকৰ বিকল্পসমূহ বাছি লওঁ, যি পুষ্টিৰ সৈতে আপোচ নকৰাকৈ তৃষ্ণাও পূৰণ কৰে”। সোহাই কয় যে, “প্ৰতিদিনে ইনায়াই স্কুললৈ নিবলৈ সৰু টিফিন বাকচ এটাত এমুঠি আলমণ্ড পেক কৰি দিওঁ”। ভিটামিন ই আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ আলমণ্ডে গোটেই দিনটো তাইৰ শক্তি আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে। আনহাতে, য়াছমিনে নিশ্চিত কৰে যে পুত্ৰই শুই উঠাৰ আগতে কঠোৰ নিয়ম মানি চলে যাতে গুণগত টোপনি লাভ কৰে, যাৰ ফলত শিশুসকলক ফিট আৰু সতেজ হৈ থকাত সহায় কৰে। য়াছমিনে সেয়েহে কয় যে, “ভাল টোপনি আৰু সামঞ্জস্যপূৰ্ণ গতিবিধি যিকোনো বয়সতে শক্তি আৰু স্থায়ী স্বাস্থ্যৰ মূল ভেটি”।
