য়ামাহাই ভাৰতত মুকলি কৰিলে বহুপ্ৰত্যাশিত আৰ৩ আৰু এমটি-০৩

704

ইণ্ডিয়া য়ামাহা মটৰে নিজৰ ব্ৰেণ্ড কেম্পেইন – দ্য কল অৱ দ্য ব্লুৰ অংশ হিচাপে ট্ৰেক অৰিয়েণ্টেড নতুন আৰ৩ আৰু ষ্ট্ৰীট ফাইটাৰ এমটি-০৩ মটৰ চাইকেল দুখন বজাৰত মুকলি কৰিছে। দুয়োখন মটৰ চাইকেল ভাৰতৰ যুৱ আৰ১৫ আৰু এমটি-1১৫ গ্ৰাহকৰ ক্ৰমবৰ্ধমান আকাংক্ষা পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই দুয়োটা মডেলতে শক্তিশালী ৩২১চিচি লিকুইড-কুলড, ৪-ষ্ট্ৰ’ক, ইন-লাইন টু-চিলিণ্ডাৰ, ডিঅ’এইচচি আৰু প্ৰতিটো চিলিণ্ডাৰত ৪-ভালভ ফুৱেল ইনজেকচনযুক্ত ইঞ্জিন আছে, যিয়ে সৰ্বোচ্চ শক্তি ১০,৭৫০ আৰপিএমত ৩০.৯ কিলোৱাট(৪২ পিএছ) আৰু সৰ্বোচ্চ টৰ্কৰ ৯,০০০ আৰ পি এমত ২৯.৫ এনএম প্ৰস্তুত কৰে।


আৰ৩ বাইকখনে উৎকৃষ্ট ৰাইডিং আত্মবিশ্বাস, দ্ৰুত-ৰিভিং প্ৰদৰ্শন আৰু উচ্চ-আৰপিএম কাৰ্যক্ষমতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। আৰ৩ৰ প্ৰায় ৫০/৫০ ৱেইট ডিষ্ট্ৰিবিউচন(ওজন বিতৰণ) আছে, যিয়ে মসৃণ পৰিচালনা আৰু এৰোডাইনামিক(বায়ুগতিবিদ্যা)ৰ কাৰ্যক্ষমতা নিশ্চিত কৰে। লিজেণ্ডেৰী হাইপাৰ-নেকেড ফেমিলীৰ এমটি-০৩ হৈছে টৰ্কৰ ট্ৰু মাষ্টাৰ(আচল প্ৰদৰ্শক) আৰু ডাঙৰ বাইকৰ ৰূপত টুইন-আই পজিচনড লাইটৰ সৈতে আকৰ্ষণীয় ডিজাইনৰ সুবিধা দিয়া হৈছে। দুয়োখন মটৰ চাইকেলত এক কমপেক্ট ডাইমণ্ড ফ্ৰেম চেছিছ, অফছেট এলুমিনিয়াম দিয়াচিল চিলিণ্ডাৰ, তাপ প্ৰতিৰোধী(হিট-ৰেচিষ্টন) পিষ্টন, ৫৭৩ এমএম দীঘল ছুইংগাৰ্ম, মন’-ক্ৰছ ৰিয়েৰ ছাচপেনচন, আপচাইড-ডাউন ফ্ৰণ্ট ফৰ্ক আৰু ডুৱেল-চেনেল এবিএছৰ সুবিধাও প্ৰদান কৰা হৈছে।


এই উল্লেখযোগ্য দিনটোৰ বিষয়ে মন্তব্য কৰি য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইছিন চিহানাই কয় যে, “আমি নিশ্চিত যে য়ামাহাৰ অত্যাধুনিক প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰদৰ্শন কৰা এই দুয়োটা মডেলে নিঃসন্দেহে আমাৰ দেশৰ যুৱ গ্ৰাহকসকলৰ আগ্ৰহ-আকৰ্ষণ বৃদ্ধি কৰিব আৰু ৰাইডাৰসকলক এক ৰোমাঞ্চকৰ যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিব।”