ভাৰত মবিলিটী এক্সপ’ত য়ামাহা শক্তি প্ৰদৰ্শন

740

ইণ্ডিয়া য়ামাহা মটৰ(আইৱাইএম) প্ৰাইভেট লিমিটেডে ভাৰতত প্ৰথমবাৰলৈ আয়োজিত ভাৰত মবিলিটী(যি হৈছে এক গ্লবেল মবলিটী শ্ব’)ত অংশগ্ৰহণ কৰিব, যাৰ ফলত সমগ্ৰ গতিশীলতা মূল্য শৃংখলাটো একক স্থানত একত্ৰিত হ’ব। এই অনুষ্ঠান কেৱল প্ৰদৰ্শনীয়েই নহয়, ই গতিশীলতাৰ ভৱিষ্যতৰ পূৰ্বদৰ্শন হিচাপে কাম কৰে।

৪০০ বৰ্গমিটাৰ স্থান সামৰি উপস্থাপন কৰা য়ামাহা পেভিলিয়নে এক যুগান্তকাৰী অনুষ্ঠানত নিজৰ মটৰ চাইকেল আৰু স্কুটাৰৰ বিবিধ ৰেঞ্জ, আনুষংগিক সামগ্ৰী আৰু উদ্ভাৱনী প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰিব। উদ্ভাৱনৰ প্ৰতি য়ামাহাৰ দায়বদ্ধতা আৰু দুচকীয়া বাহনৰ স্বতন্ত্ৰতাৰ প্ৰতি আকৰ্ষণ প্ৰদৰ্শন কৰা, উন্নত প্ৰযুক্তিৰ সৈতে আধুনিক মটৰ চাইকেল চালনাত এক বৈপ্লৱিক পৰিৱৰ্তন অনাই হৈছে এই পদক্ষেপৰ লক্ষ্য।

 ভাৰতীয় যুৱ গ্ৰাহকৰ আকাংক্ষা পূৰণৰ বাবে ভাৰত মবিলিটী শ্ব’ত য়ামাহাই #দ্যকলঅৱদ্যব্লুক গ্ৰহণ কৰিছে। এই একচেটিয়া ব্ৰেণ্ড অভিযানে ৰেচিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, লগতে আকৰ্ষণীয়-ষ্টাইলিছ, স্পৰ্টী প্ৰডাক্ট আৰু উৎকৃষ্ট সেৱা আগবঢ়ায়। ই ভাৰতৰ গতিশীলতাৰ ভৱিষ্যৎ গঢ় দিয়াৰ বাবে য়ামাহাৰ সমৰ্পণক প্ৰতিনিধিত্ব কৰে। য়ামাহা পেভিলিয়নত সম্পূৰ্ণ নতুন অল-নিউ ক্ৰ’ম আৰু মেটালিক ক’লা ৰঙত এফজেড-এক্স মুকলি কৰা হৈছে। এই বিষয়ে য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইছিন চিহানাই কয় যে, “পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি এক বহনক্ষম গতিশীলতা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ এক অংশীদাৰী দৃষ্টিভংগীৰে অ’ইএমসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা এই গুৰুত্বপূৰ্ণ প্লেটফৰ্মৰ ব্যৱস্থা কৰাৰ বাবে আমি ভাৰত মবিলিটী এক্সপ’ক অভিনন্দন জনাইছোঁ।”