বিজেপিৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন সভাপতিয়ে এক্স হেণ্ডেলত দিয়া এটা পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ বিজেপিৰ নেতা আৰু সমৰ্থকে সহজভাৱে ল’ব পৰা নাই দলটোৰ জ্যেষ্ঠ।উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যখনৰ বিজেপি নেতা-মন্ত্ৰীয়ে প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। ৪ছেপ্টেম্বৰত ৪৩বছৰত ভৰি দিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছ সমৰ্থকসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনালে।
তাৰ মাজতে, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও হৃদয় খুলি গৌৰৱ গগৈক জ্ঞাপন কৰিলে শুভেচ্ছা । এক্স হেণ্ডেলত গাডকাৰীয়ে লিখিলে- যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈলৈ জন্মদিনৰ শুভেচ্ছা। আপুনি সুস্বাস্থ্য আৰু সুৰ্দীঘ জীৱনৰ গৰাকী হওঁক।
