মল্লযোদ্ধা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিষিদ্ধ কৰিলে এনএডিএয়ে

4

ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক ৰাষ্ট্ৰীয় ড’পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) চাৰি বছৰৰ বাবে নিষিদ্ধ কৰিছে। যাৰ বাবে পুনিয়াই আগন্তুক চাৰি বছৰৰ বাবে কোনো প্ৰতিযোগিতামূলক মল্লযুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰিব বা তেওঁ কোনো বিদেশী প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব নোৱাৰিব। উল্লেখ্য যে পুনিয়াই ৰাষ্ট্ৰীয় দল বাছনিৰ পৰীক্ষণৰ সময়ত ড’প পৰীক্ষা দিবলৈ অস্বীকাৰ কৰিছিল, যাৰ পিছত এনএডিএ-য়ে পুনিয়াক নিষিদ্ধ কৰিছে। পুনিয়াৰ নিষেধাজ্ঞাই ক্ৰীড়া জগতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনিয়াৰ জন্ম ১৯৯৪ চনৰ ২৬ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ খুদান গাঁৱত হৈছিল। কুস্তিৰ প্ৰতি তেওঁৰ আগ্ৰহ তেওঁৰ শৈশৱৰ পৰাই আছিল, আৰু তেওঁৰ পৰিয়ালে তেওঁক ইয়াৰ বাবে সাজু কৰাত সহায় কৰিছিল।

যদিও এটা সাধাৰণ পৰিয়ালত জন্ম হৈছিল কিন্তু অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ, পুনিয়াৰ দেউতাক বলৱান সিঙে, যি নিজে এজন মল্লযোদ্ধা আছিল, তেওঁৰ পুত্ৰক মল্লযুদ্ধৰ এ বি চি শিকাইছিল। আৰ্থিক সীমাবদ্ধতা স্বত্বেও, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ সপোনবোৰক সাৰ্থক কৰাত সহায় কৰিছিল। বজৰঙে ৭ বছৰ বয়সত মল্লযুদ্ধ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক প্ৰশিক্ষক আছিল জ্বালা সিং, যাৰ পিছত তেওঁ দিল্লীৰ ছত্ৰচল ষ্টেডিয়ামত প্ৰশিক্ষণ আৰম্ভ কৰিছিল, য’ত তেওঁক অলিম্পিক পদক বিজয়ী যোগেশ্বৰ দত্তই নিৰ্দেশনা দিছিল।

২০২০ চনৰ ৭ নৱেম্বৰত সংগীতা ফোগাটক বিয়া কৰা পুনিয়া কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে। তেওঁক অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰীৰ দৰে সন্মানেৰে সন্মানিত কৰা হৈছে। বজৰং পুনিয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পদক জিকিছে। টকিঅ’ অলিম্পিক ২০২০ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে এছিয়ান গেমছ: ২০১৮ চনত সোণৰ পদক,কমনৱেলথ গেমছ: ২০১৮ আৰু ২০২২ চনত সোণৰ পদক আৰু বিশ্ব কুস্তি চেম্পিয়নশ্বিপ ২০১৮ চনত ৰূপৰ পদক আৰু ২০১৯ চনত ব্ৰঞ্জৰ পদক অৰ্জন।