পেৰিছ অলিম্পিকৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত মল্লযুদ্ধা অমন চেহৰাৱতৰ ব্ৰঞ্জ পদক

89

প্ৰত্যাশা পূৰণ কৰি অমন চেহৰাৱতে শুকুৰবাৰে নিশা ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাৰ ব্ৰঞ্জ পদকৰ খেলখনত পুয়েৰ্টো ৰিকোৰ ডাৰিয়ান টই ক্ৰুজক ১৩-৫ পইণ্টত পৰাস্ত কৰি পেৰিছ অলিম্পিকত কুস্তিৰ ক্ষেত্ৰত ভাৰতক প্ৰথমটো পদক প্ৰদান কৰে। ২১ বছৰীয়া অনুৰ্ধ-২৩ বিশ্ব চেম্পিয়ন আমানে ছেমিফাইনেলত জাপানৰ ৰেই হিগুচিৰ হাতত ০-১০ ত পৰাজিত হয়। পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ ভাৰতৰ একমাত্ৰ পুৰুষ মল্লযোদ্ধা আছিল আৰু তেওঁ দেশবাসীক নিৰাশ নকৰে। ভাৰতে ২০০৮ চনৰ পৰা প্ৰতিটো অলিম্পিকৰ মল্লযুজত পদক জিকিছে আৰু অমনে সেইৰ ধাৰা অব্যাহত ৰাখিছে।

সুশীল কুমাৰে বেইজিংত (২০০৮) ব্ৰঞ্জ, লণ্ডনত যোগেশ্বৰ দত্ত (২০১২), ৰিঅ’ত সাক্ষী মালিক ব্ৰঞ্জ(২০১৬), টকিঅ’ ২০২১ ত ৰবি দাহিয়া আৰু বজৰং পুনিয়াত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ব্ৰঞ্জৰ পদকৰ খেলখনত আৰম্ভণিৰ পৰাই হেঁচা প্ৰয়োগ কৰি তেওঁ প্ৰতিদ্বন্দীক বিশেষ সুযোগ দিয়া নাছিল। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ ষষ্ঠ পদক। ইয়াৰ পূৰ্বে শ্বুটিংত মনু ভাকাৰ (১০ মিটাৰ এয়াৰ পিষ্টল), মনু আৰু সৰবজ্যোত সিং (১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দল), স্বপ্নিল কুছালে (৫০ মিটাৰ ৰাইফল ৩ স্থান) আৰু ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ উপৰিও তাৰকা জেভেলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে।

মল্লযুদ্ধত আখটাৰ পাংঘাল (৫৩ কিলোগ্ৰাম), অংশু মালিক (৫৭ কিলোগ্ৰাম) আৰু নিশা দাহিয়া (৬৮ কিলোগ্ৰাম) তেওঁলোকৰ নিজ নিজ শ্ৰেণীত পদকৰ দৌৰত উপনীত হ’বলৈ ব্যৰ্থ হয়। বিনেশ ফোগাট (৫০ কিলোগ্ৰাম) ফাইনেলত উপনীত হৈছিল কিন্তু অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল।  তেওঁ এই সিদ্ধান্তক ক্ৰীড়া আদালতত প্ৰত্যাহ্বান জনাইছে, যাৰ সিদ্ধান্ত দেওবাৰে সন্ধিয়ালৈ আহিব।