আজি আন্তৰ্জাতিক নাৰী দিৱস

28

আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

কোৱা হয় যে সেই দিনটোৰ ইতিহাস ১৯০৮ চনৰ লগত জড়িত। খবৰ অনুসৰি ২০ শতিকাত আমেৰিকা আৰু ইউৰোপত শ্ৰমিক আন্দোলনৰ মাজতে আন্তৰ্জাতিক নাৰী দিৱসৰ জন্ম হৈছিল। দিনটোৱে সম্পূৰ্ণ স্বীকৃতি লাভ কৰিবলৈ বহু বছৰ সময় লাগিছিল। আন্দোলনত মহিলাসকলে দাবী জনাইছিল যে তেওঁলোকৰ কৰ্ম সময়ৰ সীমা নিৰ্ধাৰণ কৰিব লাগে।

ৰাছিয়াৰ মহিলাসকলে প্ৰথম বিশ্বযুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাৰী দিৱস উদযাপন কৰে।প্ৰতি বছৰে এটা থীম লৈ আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। ২০২৫ চনত এই দিৱসটো “সকলো মহিলা আৰু ছোৱালীৰ বাবে: অধিকাৰ, সমতা, সৱলীকৰণ” থীমেৰে উদযাপন কৰা হ’ব।

এই দিনটোৱে আমাক সেই নাৰীৰ কথা মনত পেলাই দিয়ে, যিসকলে নিজৰ কণ্ঠৰে সমাজত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে আৰু নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান হওক, ৰাজনীতি হওক বা ব্যৱসায় হওক, প্ৰতিটো ক্ষেত্ৰতে নাৰীয়ে নিজৰ সামৰ্থ্য দেখুৱাইছে, তাৰ হৈ ৰৈছে সাক্ষী ইতিহাস।এই দিৱসৰ উদ্দেশ্য কেৱল উদযাপন কৰাই নহয়, চিন্তাৰ পৰিৱৰ্তন আনি নাৰীক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়া।