মহিলাৰ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন।
কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই।কিয়নো ঘৰুৱা বহু উপায়েৰে আপুনি এই কষ্টৰ পৰা সুফল পাব পাৰে।তেন্তে জানো আহক এই উপায় সমূহ—-
প্ৰথমটো হৈছে আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।তেতিয়া বহু পৰিমাণে বিষ কমিব আৰু আপুনি আৰাম অনুভৱ কৰিব।

দ্বিতীয়টো হৈছে পিৰিয়ডৰ সময়ত বিষৰ পৰা উপশম পাবলৈ আধা চামুচ আজৱাইন নিমখ আৰু কুহুমীয়া পানীৰ সৈতে খাব লাগে। ইয়াৰ দ্বাৰা বিষৰ পৰা সকাহ পাব পাৰি।

তৃতীয়টো হৈছে পদিনাৰ পাত।পদিনাৰ চাহেও মাহেকীয়াৰ বিষ বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।

লগতে চতুৰ্থটো হৈছে আদা।মাহেকীয়াৰ বিষৰ বাবে আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।আদা চাহৰ লগত মিলাই খালেও সুফল পোৱা যায়।
