আমেৰিকাৰ কাৰ্য-কলাপৰ পুনৰ গঠনৰ লক্ষ্যৰে ছিৰামৰ সৈতে ভেকচিনৰ অংশীদাৰিত্ব বিচাৰিছে ৱকহাৰ্ড লিমিটেডে

891

গ্লবেল ফাৰ্মাচিউটিকেল আৰু জৈৱপ্ৰযুক্তি প্ৰতিষ্ঠান ৱকহাৰ্ড লিমিটেডে আমেৰিকাৰ ব্যৱসায় পুনৰ্গঠন কৰি ব্যৱসায়িক কাৰ্য-কলাপ ঘূৰাই অনাৰ লক্ষ্য হাতত লৈছে। ইয়াৰ বাবে ব্ৰিটেইনত ভেকচিন প্ৰস্তুতৰ বাবে ছিৰামৰ সৈতে ব্ৰিটেইনৰ ভেকচিন নিৰ্মাণ অংশীদাৰিত্ব গঠন কৰি ন’ভেল এণ্টিবায়’টিকছৰ গৱেষণাত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিষ্ঠানটোৱে মৰ্টন গ্ৰ’ভ উৎপাদন কেন্দ্ৰটো বন্ধ কৰি চুক্তিবদ্ধ সংস্থাসমূহলৈ স্থান হস্তান্তৰ কৰি বাৰ্ষিক ১২ মিলিয়ন ডলাৰৰ সঞ্চয়ৰ লক্ষ্যৰে মুঠ ৪০% পাৰ্থক্য বজাই ৰাখি তৃতীয় পক্ষৰ উৎপাদনত মনোনিৱেশ কৰি আমেৰিকাৰ কাৰ্য-কলাপৰ পুনৰ গঠন কৰিছে।

যোৱা ২০২২ চনৰ মাৰ্চ মাহত ৱকহাৰ্ড আৰু ছিৰামে ৫১:৪৯ অনুপাতৰ যৌথ উদ্যোগত স্বাক্ষৰ কৰি ব্ৰিটেইনৰ সাহায্যত ভেকচিন প্ৰস্তুত কৰে। ৰিজাৰ্ভিং বা সংৰক্ষণ ক্ষমতা বিবেচনাৰ বাবে ৱকহাৰ্ডে লাভ কৰিছিল ১০ মিলিয়ন ডলাৰ। এই চুক্তি অনুসৰি ১৫ বছৰৰ ভিতৰত ১৫ কোটি ড’জ সামৰি লোৱা হ’ব আৰু এজন লোকৰ বাবে দুটা ভেকচিন চিনাক্ত বা প্ৰস্তুত কৰা হৈছে। নিয়ন্ত্ৰণক বা কৰ্তৃপক্ষৰ অনুমোদনৰ পিছত কোম্পানীটোৱে পৰ্যায়ক্ৰমে উৎপাদন আৰু প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে।

অগ্ৰণী আৰ এণ্ড ডি প্ৰতিষ্ঠান ৱকহাৰ্ডে ভাৰতৰ বজাৰত বিক্ৰী হোৱা এমৰককে ধৰি এণ্টিবায়টিক আৱিষ্কাৰৰ বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰিছে আৰু আন ৮খন বজাৰত অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। ৱকহাৰ্ডে ২০২৫ চনৰ ভিতৰত ফ্লেগশ্বিপ এণ্টিবায়টিক ডব্লিউচিকে ৫২২২ক মাৰ্কেটত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। এই কোম্পানীটোৱে পৰিচালনা আৰু বিত্তীয় প্ৰদৰ্শন উন্নত কৰিছে, দীৰ্ঘম্যাদী বাহ্যিক ঋণ হ্ৰাস কৰিছে আৰু এক শক্তিশালী কাৰ্যকৰী প্ৰ’ফাইল আৰু লিকুইডিটি(তৰলতা) বজাই ৰাখিছে।