১৭৫ টকীয়া ‘চুপাৰ পেক’ৰ সৈতে ভি মুভিজ এণ্ড টিভিয়ে শক্তিশালী কৰিছে এগ্ৰিগেটৰ পৰ্টফলিঅ’

76

২০২৪ বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহত মুকলি কৰা ভি মুভিজ আৰু টিভিৰ সম্পূৰ্ণ নতুন অৱতাৰ হৈছে সকলো ভিৰ গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থলী। ভি মুভিজ এণ্ড টিভিয়ে নিজৰ ব্যৱহাৰকাৰীসকলক এক বিশাল পৰিসৰৰ মনোৰঞ্জন প্ৰদান কৰে, য’ত ১৭টা অ’টিটি এপ, ৩৫০টা লাইভ টিভি চেনেল। পোষ্টপেইড আৰু প্ৰিপেইড গ্ৰাহকসকলৰ সুবিধা হোৱাকৈ চিন্তাশীলভাৱে ডিজাইন কৰা নিৰ্দিষ্ট পেকৰ জৰিয়তে এটা এপৰ অধীনতে কেইবাটাও কণ্টেণ্ট লাইব্ৰেৰীলৈ বিনামূলীয়া প্ৰৱেশ বা ব্যৱহাৰ আৰু দৰ্শনৰ ব্যৱস্থা আছে।

‘ছুপাৰ’ পেকৰ শেহতীয়া সংযোজনেৰে ভিৰ প্ৰিপেইড ব্যৱহাৰকাৰীয়ে ১০ জিবি ডাটাৰ সৈতে ছনিলিভ, জি৫, মনোৰমামেক্স, ফেনকোড, প্লেফ্লিক্স আৰু অন্যান্য১৫+ অ’টিটি প্লেটফৰ্মত প্ৰৱেশ-উপভোগ কৰিব পাৰিব। শেহতীয়াকৈ অৰ্মেক্স মিডিয়াৰ শেহতীয়া প্ৰতিবেদনে প্ৰকাশ কৰিছে যে ভাৰতৰ অ’টিটি দৰ্শকৰ সংখ্যাই ৫৪.৭৩ মিলিয়নত উপনীত হৈছে, য’ত ভিডিঅ’ ব্যৱহাৰ-উপভোগৰ প্ৰায় ৬৫%ই হৈছে দেশৰ গ্ৰাম্য অঞ্চলসমূহৰ।

অ’টিটি সেৱা ব্যৱহাৰকাৰী বা দৰ্শনাৰ্থীৰ সংখ্যা ৩৮%লৈ বৃদ্ধি পাইছে, এই সংখ্যা যোৱা বছৰ ৩৪% আছিল। ভি মুভিজ এণ্ড টিভি এপে প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে চাৰিটা বিশেষ চাবস্ক্ৰিপচন প্লেন আগবঢ়াইছে: ভি মুভিজ এণ্ড টিভি প্লাছ, ভি মুভিজ এণ্ড টিভি লাইট, ভি মুভিজ এণ্ড টিভি প্ৰ’ আৰু শেহতীয়াকৈ সংযোজন হৈছে – মাত্ৰ ১৭৫ টকাত ভি মুভিজ এণ্ড টিভি চুপাৰ। অ’টিটি প্লেটফৰ্মৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে একাধিক চাবস্ক্ৰিপচন নিয়ন্ত্ৰণ কৰাটো অসুবিধাজনক অথবা বহুক্ষেত্ৰত ব্যয়বহুল হৈ পাৰে। ভি মুভিজ এণ্ড টিভি এপে নিশ্চয়তা দিয়ে যে গ্ৰাহকে পকেটত অতিৰিক্ত ফুটা কড়ি এটাও খৰচ নকৰাকৈ কেৱল এটা চাবস্ক্ৰিপচনৰ জৰিয়তে এপত নিজৰ প্ৰিয় বিষয়বস্তু বা সমলসমূহ উপভোগ কৰিব পাৰিব।