বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। দেশৰ এক বৃহৎ অংশ এতিয়া সুৰা আসক্ত। কিন্তু আপুনি জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে?কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি, দেশৰ ২২.৪ শতাংশ পুৰুষে মদ্যপান কৰে। ইফালে, ICRIER ৰ তথ্য অনুসৰি, দিল্লী বা মুম্বাই নহয়, মদ্যপান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। ৰাজ্যখনৰ ৫৬.৬ শতাংশ নাগৰিকে সুৰাপান কৰে।
