কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

115

ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ লগতে একাংশৰ তামোল বাৰীত সোমাই তামোল গছসমূহ ভাঙি তচনচ কৰাৰ লগতে ধানৰ বিধান সিঁচা ভূই সমূহও গচকি নষ্ট কৰি দিয়ে৷

স্হানীয় ৰাইজে ব্যক্ত কৰা মতে সুদীৰ্ঘ ৩০ বছৰে গোৱালপাৰা জিলাৰ দূধনৈ আৰু গোৱালপাৰা পূৱ সমিষ্টিৰ অন্তৰ্গত কানকাটা,খেৰুপাৰা,আল্লীবাড়ী,কাহিবাৰী,ফৰেষ্ট কানকাটা,শিমলীতোলা চাহ বাগিচা আৰু জিয়াগুৰীকে আদি কৰি ভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায় আহিছে৷যদিও বাৰাম্বৰ বন বিভাগৰ লগতে প্ৰশাসনক অৱগত কৰি আহা স্বত্বেও বনবিভাগৰ লগতে প্ৰশাসনে আজিকোপতি পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে৷

হাতীয়ে উপদ্ৰৱ চলোৱা সময়ত সংশ্লিষ্ট বনবিভাগক খবৰ দিয়া স্বত্বেও প্ৰতিবাৰেই দুইৰ পৰা তিনি ঘন্টা পলমকৈ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱা বুলি বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰে স্হানীয় একাংশ ৰাইজে৷আনহাতে খাদ্যৰ সন্ধানতে বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত সোমাই আহে বুলি ব্যাক্ত কৰে৷

সেয়ে বনাঞ্চলত বনৰীয়া হাতীৰ বাবে পৰ্যাপ্ত খাদ্যৰ যোগান ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা স্হায়ীভাৱে পৰিত্ৰান দিয়াৰ বাবে দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল সকলোক এককালীন সাহায্য দিয়াৰ বাবেও দাবী জনায় স্হানীয় ৰাইজে৷