আসন্ন বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। উজনি অসমৰ ৬ খন জিলাক সামৰি মৰাণৰ তিলৈনগৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত শাসকীয় পক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই হুংকাৰ দিয়ে বিৰোধী শিবিৰে।
মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘হাতত হাত ধৰো, নতুন বৰ অসম গঢ়ো’ শীৰ্ষক কংগ্ৰেছৰ বিশাল কৰ্মীসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমি, চাহ বাগিচা আৰু ৰিজ’ৰ্ট ক্ৰয় কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি গগৈয়ে তেওঁক সৰ্বকালৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে। ইয়াৰ উপৰিও ৰাজ্যত চলি থকা কয়লা, কাঠ আৰু গৰুৰ ছিণ্ডিকেটত মুখ্যমন্ত্ৰীৰ নাম সাঙুৰি তেওঁ প্ৰয়াত তৰুণ গগৈক বিশ্বাসঘাটকতা কৰা বুলিও মন্তব্য কৰে।
সভাত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ নেতা ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিতিত গৌৰৱ গগৈয়ে কয় যে ২০২৬ চনত বিজেপি চৰকাৰক ক্ষমতাৰ পৰা ওফৰাব লাগিব। ইফালে, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি ইয়াৰ তদন্তৰ দাবী জনায় সভাপতিগৰাকীয়ে। অনাগত দিনত কংগ্ৰেছ কৰ্মীসকলে ঘৰে ঘৰে গৈ চৰকাৰৰ বিসংগতি আৰু কেলেংকাৰীসমূহ ৰাইজৰ মাজত উদঙাই দিব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰে।
