হোৱাটছএপে ইয়াৰ ব্যৱসায়িক প্লেটফৰ্মত নতুন শ্বপিং ফিচাৰ লঞ্চ কৰিছে

97

হোৱাটছএপে নতুন শ্বপিং সুবিধা ঘোষণা কৰিছে যিবোৰ কোম্পানীৰ ব্যৱসায় এপত উপলব্ধ হ’ব। ফেচবুকৰ মালিকানাধীন কোম্পানীটোৱে এতিয়া ব্যৱসায়বোৰক কেৱল স্মাৰ্টফোনৰ সলনি হোৱাটছএপ ৱেব বা ডেস্কটপ সংস্কৰণৰ পৰা কেটালগ সৃষ্টি আৰু পৰিচালনা কৰাৰ সামৰ্থ্য প্ৰদান কৰিছে। হোৱাটছএপে দৃঢ়তাৰে কৈছিল যে মানুহে সামগ্ৰী আৰু সেৱা আৱিষ্কাৰ কৰাৰ বাবে হোৱাটছএপ কেটালগবোৰ এটা ভাল উপায় বিচাৰি পাইছে, সেয়েহে তেওঁলোকে ইয়াক আন প্লেটফৰ্মতো উপলব্ধ কৰি আছে।

হোৱাটছএপৰ মতে, এই নতুন বিকল্পটোৱে নতুন সামগ্ৰী বা সেৱা যোগ দিয়াটো দ্ৰুত আৰু সহজ কৰি তুলিব যাতে তেওঁলোকৰ গ্ৰাহকসকলে জানিব পাৰে কি উপলব্ধ আচে। এইটো ৰেষ্টুৰেণ্ট বা কাপোৰৰ দোকানৰ দৰে ডাঙৰ ইনভেণ্টৰী থকা ব্যৱসায়ৰ বাবে অত্যন্ত সহায়ক হ’ব। নতুন হোৱাটছএপ ব্যৱসায় সুবিধাটো এতিয়া সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ আৰু উপলব্ধ নথকা বস্তুবোৰ বা ষ্টকৰ বাহিৰত থকা সামগ্ৰী হাইড কৰিবৰ অপচন দিচে গতিকে গ্ৰাহকসকলে উপলব্ধ নোহোৱা বস্তুৰ বাবে অৰ্ডাৰ দিবো নোৱাৰে। কোম্পানীটোৱে ইতিমধ্যে এই সুবিধাটো সমগ্ৰ বিশ্বতে আৰম্ভ কৰিছে।