ডাঃ অৰবিন্দ কুমাৰ, অধ্যক্ষ, হাওঁফাওঁ সংৰোপণ আৰু বুকুৰ অস্ত্ৰোপচাৰ বিভাগ , মেডাণ্ট – মেডিচিটি
ধঁপাতৰ ব্যৱহাৰ আজি আমি সন্মুখীন হোৱা আটাইতকৈ ভয়াৱহ জনস্বাস্থ্য প্ৰত্যাহ্বানসমূহৰ ভিতৰত অন্যতম আৰু ইয়াৰ ব্যৱহাৰ বিশ্বজুৰি ৭ মিলিয়নৰো অধিক মৃত্যুৰ সৈতে জড়িত, যাৰ ফলত ই প্ৰতিৰোধযোগ্য মৃত্যুৰ এক প্ৰধান কাৰণ হৈ পৰিছে। লাখ লাখ লোকে ধঁপাত সেৱনৰ সৈতে জড়িত দীৰ্ঘদিনীয়া ৰোগ আৰু দীৰ্ঘম্যাদী স্বাস্থ্যজনিত জটিলতা যেনে কেন্সাৰ, হৃদযন্ত্ৰৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে।
ধঁপাত সেৱন ভাৰতত মৃত্যুৰ অন্যতম প্ৰধান কাৰণ — ধঁপাতৰ দ্বিতীয় বৃহত্তম গ্ৰাহক আৰু উৎপাদক হৈছে ভাৰতবৰ্ষ৷ হাওঁফাওঁৰ কৰ্কট ৰোগ ভাৰতীয় পুৰুষসকলৰ মাজত দ্ৰুতগতিত আক্ৰান্ত অন্যতম সাধাৰণ কৰ্কট ৰোগত পৰিণত হৈছে, কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ হৈছে ৮%। আনকি মহিলাসকলৰ মাজতো হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বৃদ্ধি পাইছে, সমগ্ৰ ভাৰতৰ কৰ্কট ৰোগৰ পঞ্জীয়নৰ তথ্যই এই কথা প্ৰকাশ কৰিছে৷
ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহতধঁপাতৰ ব্যৱহাৰ আটাইতকৈ বেছি, যিয়ে অঞ্চলটোত সজাগতা আৰু নিয়ন্ত্ৰণমূলক পদক্ষেপৰ প্ৰয়োজনীয়তা হৈছে। ভাৰতীয়সকলে ধঁপাত সেৱন কৰা আটাইতকৈ সাধাৰণ উপায়বোৰৰ ভিতৰত অন্যতম হ’ল ধূমপান-চিগাৰেট, বিড়ি বা হুক্কা-যিয়ে সেৱনকাৰীক কৰ্কট ৰোগ, ষ্ট্ৰোক, হাৰ্ট এটেক আৰু হাঁওফাঁওৰ ৰোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অ-সংক্ৰামক ৰোগৰ বিপদাপন্ন বা আক্ৰান্ত কৰে।
ধূমপান কৰিবলৈ এৰি দিয়াৰ অৰ্থ এইটো নহয় যে আপুনি হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত নহয়েই।
এজন ব্যক্তিয়ে ধূম্ৰপান আৰম্ভ কৰাৰ সময়ত যিমানেই কম বয়সৰ হয় আৰু যিমানেই বেছি আৰু দীঘলীয়া সময় ধুম্ৰপান কৰে, সেই অনুসৰি হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা সিমানেই অধিক হয়। ধূম্ৰপান ত্যাগ কৰিলে ব্যৱহাৰকাৰী লোকজনৰ হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। অৱশ্যে, এজন পূৰ্বৰ ধূমপায়ীৰ হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কেতিয়াও কেতিয়াও ধূমপান নকৰা ব্যক্তিৰ স্তৰলৈ হ্ৰাস নহয়।
এইখিনিতে ক’ব পাৰি যে ধূমপান এৰাৰ লগে লগে আপোনাৰ স্বাস্থ্য উন্নত হয়, একেদিনাই শৰীৰে বিষাক্ত পদাৰ্থৰ পৰা মুক্ত হৈ পৰে আৰু কেন্সাৰ, হাওঁফাওঁ, হৃদৰোগ আৰু অন্যান্য ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
হাওঁফাওঁৰ কৰ্কট ৰোগ “কেৱল ধূমপায়ীৰ ৰোগ” নহয়
হাওঁফাওঁৰ কৰ্কট ৰোগৰ সন্দৰ্ভত মানুহৰ বহু ভুল ধাৰণা বা ভুল বিশ্বাস আছে। মানুহৰ এটা ডাঙৰ ভ্ৰান্ত ধাৰণা হ’ল হাওঁফাওঁৰ কৰ্কট ৰোগ ধূমপায়ীৰ ৰোগ। কিন্তু সঁচা কথাতকৈ অধিক আন একোৱেই হ’ব নোৱাৰে: বহু এনে হাওঁফাওঁৰ কৰ্কট ৰোগী আছে যি কেৱল নিজেই ধূমপান নকৰাই নহয়, লগতে পৰিয়ালৰ কোনেও ধূমপান নকৰে। মানুহৰ আন এটা ভুল ধাৰণা হ’ল যে হাওঁফাওঁৰ কৰ্কট ৰোগ পুৰুষৰহে ৰোগ: তথ্য অনুসৰি হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ৪০-৪৫%ই হৈছে মহিলা, ইয়াৰে বহুতেই হৈছে ধূমপান নকৰা মহিলা।
প্ৰচলিত ধাৰণাৰ ভিত্তিত কিছুমান লোকে ভুলকৈ বিশ্বাস কৰে যে হাঁওফাঁওৰ কৰ্কট ৰোগ হৈছে এনে এক ৰোগ যি কেৱল বৃদ্ধ লোকসকলকহে প্ৰভাৱিত কৰে বা আক্ৰান্ত হয়। এইটো সঁচা নহয় : তথ্যই দেখুৱাইছে যে হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ১০% লোকৰ বয়স ৪০ বছৰৰ তলৰ। যোৱা দুটা দশকত হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ গড় বয়স ১০-১৫ বছৰ হ্ৰাস পাইছে। সেয়েহে ৩০ বছৰৰ অধিক বয়সৰ যিকোনো ব্যক্তি, যিয়ে হাঁওফাঁওৰ কৰ্কট ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে পৰীক্ষা কৰা উচিত।
পৰীক্ষা কৰাটো(স্ক্ৰীণিং) কিয় গুৰুত্বপূৰ্ণ?
কৰ্কট ৰোগৰ ক্ষেত্ৰত নিয়মীয়া পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। যিমান সোনকালে কৰ্কট ৰোগ ধৰা পৰে, সিমানেই ইয়াৰ চিকিৎসা কৰিব পৰা যায়। যদি ১ম বা ২য় পৰ্যায়ত হাঁওফাঁওৰ কৰ্কট ৰোগ চিনাক্ত হয়, তেন্তে অস্ত্ৰোপচাৰৰ দ্বাৰা ইয়াৰ চিকিৎসা কৰাটো সম্ভৱ।
হাঁওফাঁওৰ কৰ্কট ৰোগ নিশ্চিত কৰিবলৈ এণ্ডোস্কোপিকভাৱে হওক বা চিটি-নিৰ্দেশিত বেজী বায়‘পচিৰ জৰিয়তে হওক, বায়‘পচি কৰাটো জৰুৰী।
আজিকালি প্ৰাৰম্ভিক পৰ্যায়ৰ হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰা বেছিভাগ ক্ষেত্ৰতে কম কটা-ছিঙা পদ্ধতি যেনে ভিডিঅ’-এচিষ্টেড থ’ৰাক’স্ক’পিক চাৰ্জাৰী (ভিএটিএছ) বা ৰবটিক সহায়ক অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰি চিকিৎসা কৰা হয়। এই পদ্ধতিসমূহ সাধাৰণ অস্ত্ৰোপচাৰৰ দৰেই ফলপ্ৰসূ আৰু আৰোগ্যও দ্ৰুত হয়, বিষ কম হয়, জটিলতা হ্ৰাস হয় আৰু ৰোগীয়ে সোনকালে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে।
হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত বহুতো ৰোগী কেইবা দশক ধৰি জীয়াই থাকে, যদিহে নিয়মীয়া অনুসৰণ বা স্বাস্থ্য পৰীক্ষা কৰি থাকে।
কেতিয়া পৰীক্ষা কৰা উচিত?
এজন ব্যক্তি(বিশেষকৈ বৰ্তমান বা আগতে যদি ধূমপান কৰিছিল)-এ যদি অনুভৱ কৰে বা ভাবে তেন্তে হাঁওফাঁওৰ কৰ্কট ৰোগৰ বাবে নিজকে পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ:
• ধাৰাবাহিকভাৱে কাহ
• কাঁহৰ সময়ত তেজ ওলোৱা
• বুকুৰ বিষ বা উশাহ লোৱাত কষ্ট পোৱা
• অজ্ঞাতবাৱে ওজন হ্ৰাস পোৱা
ৰোগ ধৰা পৰিবলৈ পৰীক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যদি লোকজন :
• বয়স ৫০-৮০ বছৰ
• ১০ বছৰতকৈ অধিক সময় ধূমপান কৰিছে
• যোৱা ১৫ বছৰৰ ভিতৰত ধূমপান কৰিছে
আজিৰ যুগত চিকিৎসা, ঔষধ আৰু চিকিৎসা প্ৰযুক্তিৰ উন্নতিৰ লগে লগে হাওঁফাওঁৰকৰ্কট ৰোগ চিনাক্ত হোৱা মানেই জীৱনৰ শেষ নহয়, ইয়াৰ বাবে আগতীয়াকৈ নিৰ্ণয় কৰি সঠিকভাৱে চিকিৎসা কৰিব লাগে।
আজিৰ দিনত আৰু যুগত, ঔষধ আৰু চিকিৎসা প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে, হাঁওফাঁওৰ কৰ্কট ৰোগ নিৰ্ণয় কৰাটো জীৱনৰ শেষ নহয়, যদিহে ইয়াক সোনকালে চিনাক্ত কৰা হয় আৰু সঠিকভাৱে চিকিৎসা কৰা হয়।
