HIV এক গুৰুতৰ ৰোগ। যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় ই গুৰুতৰ হৈ পৰিব পাৰে। গতিকে সময়মতে ইয়াৰ চিনাক্ত কৰা দৰকাৰ। এই ৰোগ হ’লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।এইচ আই ভিৰ সময়মতে চিকিৎসা নকৰিলে ই এইডছ (Acquired Immunodeficiency Syndrome)লৈ পৰিণত হ’ব পাৰে। যি অতি গুৰুতৰ অৱস্থা।মহিলাৰ এইচ আই ভি মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত তেজ বা বেজীৰ সংস্পৰ্শ, আৰু গৰ্ভাৱস্থা বা স্তনপানৰ সময়ত এইচ আই ভি আক্ৰান্ত মাতৃৰ পৰা শিশুলৈ বিয়পিব পাৰে।যদি গৰ্ভাৱস্থাত মহিলা এই ৰোগত আক্ৰান্ত হয় তেতিয়া গৰ্ভৰ সন্তানলৈও ই বিয়পিব পাৰে।
অনিয়মিত মাহেকীয়া, সঘনাই সংক্ৰমণ আৰু ভাগৰুৱা অনুভৱ হোৱাটো সাধাৰণ লক্ষণ। মহিলাসকলে বহু সময়ত মানসিক চাপ, ভয়, লাজ আৰু সামাজিক বিচ্ছিন্নতা অনুভৱ কৰে। বহু সময়ত তেওঁলোকে পৰিয়াল বা সমাজৰ পৰা সহায় নাপায়, যাৰ ফলত তেওঁলোকৰ অৱস্থা বেয়া হৈ পৰে।
এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ সাধাৰণ সংক্ৰমণ দৰে হয়। যাক চিনাক্ত কৰা কঠিন হৈ পৰে। মহিলাসকলৰ দেহত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে, যাক আওকান কৰা উচিত নহয়। প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়া লক্ষণসমূহ- জ্বৰ, ভাগৰ, ডিঙিত চৰচৰণি,যেতিয়া ভাইৰাছৰ সংক্ৰমণ বাঢ়ি যায়- বাৰে বাৰে ৰ যোনিৰ সংক্ৰমণ, পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID),অনিয়মিত মাহেকীয়া।
