পাকিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত ২-১ত জয়লাভ কৰিছে ৱেষ্ট ইণ্ডিজে। ইয়াৰ সৈতে আয়োজক দলটোৱে শৃংখলাত ৩৪ বছৰীয়া জয়ৰ অপেক্ষাৰ অন্ত পেলাইছে। কিন্তু, ছিৰিজৰ শেষৰখন মেচত ৱেষ্ট ইণ্ডিজৰ দলটোৱে পাকিস্তানক সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে, য’ত প্ৰথমে বেটিং কৰি তেওঁলোকে ২৯৪ ৰানৰ ডাঙৰ স্ক’ৰ অৰ্জন কৰে।ইয়াৰ পিছত মাৰাত্মকভাৱে বলিং প্ৰদৰ্শনৰে আলহী দলটোক ৯২ ৰানত অল আউট কৰে। পুৰুষৰ এদিনীয়াত ৱেষ্ট ইণ্ডিজে এইবাৰসহ চতুৰ্থবাৰলৈ ২০০ ৰো অধিক ৰানেৰে জয়লাভ কৰিছে। ট্ৰিনিদাদৰ ব্রায়ান লাৰা ষ্টেডিয়ামত খেলা এই মেচখন শৃংখলা মৰণপনৰ যুঁজ আছিল আৰু পাকিস্তান দলৰ অধিনায়ক মহম্মদ ৰিজৱানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
কিন্তু, ৰিজৱানৰ এই সিদ্ধান্তই যেন তেওঁৰ দলটোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলে। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে ৯৪ বলত ১২০ ৰানৰ অপৰাজিত ইনিংছ খেলি নিজৰ দলটোক ২৯৪ ৰানৰ স্ক’ৰত উপনীত হোৱাত সহায় কৰে। ইয়াৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ হৈ এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰা তৃতীয়জন খেলুৱৈ হিচাপে হোপে ১৮ শতক অৰ্জন কৰে। এতিয়া তেওঁৰ সন্মুখত আছে মাত্ৰ ক্ৰীছ গেইল (২৫) আৰু ব্রায়ান লাৰা (১৯)। দ্বিতীয় ইনিংছত জেডেন ছিলছে ২৯৫ ৰানৰ অনুসৰণ কৰি পাকিস্তান দলটোক বিধ্বংসী ৰূপ ধাৰণ কৰে। ছিলছে ১৮ ৰানত ৬ উইকেট দখল কৰে।
সমগ্ৰ পাকিস্তান দলটো ৯২ ৰানত অল আউট হৈছিল। দলটোৰ পাঁচজন বেটছমেনে নিজৰ একাউণ্টটোও খুলিব পৰা নাছিল, আনহাতে ৭জন বেটছমেনে দুটা সংখ্যাৰ মাৰ্কটোও স্পৰ্শ কৰিব পৰা নাছিল। এই পৰাজয়ৰ লগে লগে পাকিস্তানে ২-১ ত শৃংখলাত পৰাস্ত হৈছে। ইয়াৰ পূৰ্বে ১৯৯১ চনত ৱেষ্ট ইণ্ডিজে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল। তাৰ পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজে পাকিস্তানক ২-০ ত পৰাস্ত কৰে।
