বহি:ৰাজ্যত আলু বিক্ৰীৰ নিষেধাজ্ঞা উঠাই নললে ধৰ্মঘটত বহিব পশ্চিম বংগৰ আলু ব্যৱসায়ী

388

পশ্চিম বংগৰ আলু ব্যৱসায়ীসকলে ভাবুকি দিছে যে যদিহে ৰাজ্য চৰকাৰে আন ৰাজ্যক আলু বিক্ৰী কৰাৰ নিষেধাজ্ঞা উঠাই নলয় তেন্তে তেওঁলোকে মঙলবাৰে ধৰ্মঘট আৰম্ভ কৰিব। পশ্চিম বংগে শেহতীয়াকৈ স্থানীয় বজাৰত মূল্য নিয়ন্ত্ৰণ ৰখাৰ প্ৰচেষ্টাত চুবুৰীয়া ৰাজ্যসমূহক আলু বিক্ৰী কৰাৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

স্থানীয় বজাৰত আলু প্ৰতি কিলোগ্ৰামত ৩৫-৪০ টকাত বিক্ৰী কৰা হৈছে। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ পিছত, আৰক্ষীয়ে ৰাজ্যখনৰ পৰা আলু পৰিবহন প্ৰতিহত কৰিবলৈ আন্তঃৰাজ্যিক সীমাত নিৰীক্ষণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত, বহুতো ট্ৰাক সীমান্তৰ সিপাৰে আৱদ্ধ হৈ আছে।

প্ৰগতিশীল আলু ব্যৱসায়ী সন্থাৰ সম্পাদক লালু মুখাৰ্জীয়ে কয়-যদি চৰকাৰে নিষেধাজ্ঞা উঠাই নলয়, তেন্তে আমি মঙলবাৰৰ পৰা ধৰ্মঘট কৰিম। চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি তেওঁ কয় যে এনে ধৰণৰ আকস্মিক কাৰ্য্যই আমাৰ ব্যৱসায়ত ব্যাঘাত জন্মায় আৰু আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বৃহৎ লোকচানৰ সৃষ্টি কৰে।