ভয়াৱহ বানৰ কবলত পশ্চিম বংগ । হাহাকাৰ লাগিছে লাখ লাখ জনতাৰ ।ভয়াৱহ বানৰ কবলত পৰা পশ্চিম বংগৰ কিছু অংশ বিশেষকৈ ৰাজধানী কলকাতা আৰু ইয়াৰ আশে-পাশে হোৱা মুষলধাৰ বৰষুণৰ ফলত ইতিমধ্য়ে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে । মঙলবাৰে নিশা ৮:৩০ বজালৈকে বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৮ জনৰ মৃত্যু হৈছে কেৱল ৰাজধানী চহৰখনতেই ।বৰষুণৰ ফলত ৰে’ল আৰু মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে । তদুপৰি কলকাতাৰ প্ৰায় প্ৰতিটো পথ ডুব যোৱাত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে ।
ধাৰাসাৰ বৰষুণৰ ফলত কলকাতা আৰু ইয়াৰ উপকণ্ঠ বৃহৎ অঞ্চলতো বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰে ।কলকাতাৰ আলিপুৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৩৯ বছৰত ছয় ঘণ্টাৰ ভিতৰতে মহানগৰীত এনে বৰষুণ হোৱা নাছিল । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ১ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ কলকাতাত ১৭৮.৯ মিলিমিটাৰ বৰষুণ হয়।কলকাতাত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বিমানবন্দৰত ৬০খনতকৈও অধিক বিমান বাতিল কৰা হয় ।
আনহাতে ৪২খন বিমান পলম হয় । বিমানবন্দৰৰ বিষয়াসকলৰ মতে, ৩০খন আগমন বিমান আৰু ৩২খন প্ৰস্থান বিমান বাতিল কৰা হৈছে । ইফালে, মহানগৰীৰ বিমানবন্দৰত প্ৰায় ১১খন আগমন আৰু ৩১খন বিমান যাত্ৰা পলম হয়।কলকাতাত নিশা অবিৰত বৰষুণৰ ফলত মঙলবাৰৰ বাবে নিৰ্ধাৰিত সকলো অনুষ্ঠান বাতিল কৰা হয় । আজি শাসকীয় তৃণমূল কংগ্ৰেছে কোনো অনুষ্ঠান অনুষ্ঠিত কৰা নাই । মহানগৰীত অভিলেখ সৃষ্টি হোৱা বৰষুণৰ পিছত মঙলবাৰে দুৰ্গা পূজা মণ্ডপ উদ্বোধন নকৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । যদিহে পৰিস্থিতি স্বাভাৱিক হৈ থাকে তেন্তে বুধবাৰৰ পৰা পুনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব মুখ্য়মন্ত্ৰীয়ে ।
