ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশজুৰি বতৰ সম্পৰ্কীয় সতৰ্কবাণী জাৰি কৰিছে । এই সতৰ্কবাণীত সমগ্ৰ মধ্য, উত্তৰ, উপকূলীয় আৰু উত্তৰ-পূব ভাৰতত কেইবাদিনো ধৰি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে । লগতে আই এম ডিয়ে কেইবাখনো ৰাজ্যৰ বাবে কমলা আৰু ৰঙা সতৰ্কবাণী জাৰি কৰি নগৰীয়া বান, ভূমিস্খলন আৰু যাতায়াতত ব্যাঘাত জন্মাব পৰাৰ অধিক আশংকা থকাৰ সতৰ্কবাণী জাৰি কৰিছে ।শুকুৰবাৰে নিশা দিল্লী-এন চি আৰত বৰষুণে কিছু পৰিমাণে গা শাত পেলাব । ৪ জুলাইৰ পৰা ৬ জুলাইৰ ভিতৰত অঞ্চলটোত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে । আই এম ডিয়ে বিক্ষিপ্ত বৰষুণৰ পূৰ্বাভাস দিয়াৰ উপৰি ৫ আৰু ৬ জুলাইত ধুমুহা আৰু সাধাৰণ অৱস্থাতকৈ কম উষ্ণতাৰ পূৰ্বাভাস দিছে । ৰাজ্যত পুনৰ বতৰে ল’ব পাৰে প্ৰতিকূল ৰূপ। প্ৰবল ধুমুহা-বৰষুণে কঁপাব পাৰে অসম!আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।আজিৰ দিনটোৰ বাবে ৰাজ্যৰ ১১খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, নগাঁও জিলাত।
