ৰূপ সলাইছে প্ৰকৃতিয়ে, বাৰিষাৰ কবলত অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰাম। নেৰানেপেৰা বৰষুণৰ ফলত চাৰিওখন ৰাজ্যতে বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। কিছুদিনৰ পৰা উত্তৰ-পূব ভাৰতত আহি আছে ধাৰাষাৰ বৰষুণ। বৰষুণৰ ফলত বিভিন্ন স্থানত হৈছে ভূমিস্খলন। এই বৰষুণৰ ফলত কমেও ৩০ জন লোকৰ মৃত্যু হয়। এতিয়া পানীৰে উপচি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। অসম আৰু মেঘালয়ৰ মাজত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।অসমত নিৰ্ধাৰিত সময়ত পূৰ্বে বাৰিষাৰ আগমণ। নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ৰূপ দেখুওৱাইছে প্ৰকৃতিয়ে। শনিবাৰে অসমত ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৫জন লোকৰ মৃত্যু হয়। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত ভূমিস্খলনৰ ফলত এখন গাড়ী খাৱৈত বাগৰি পৰে। অসমৰ ৬ খন জিলাত বানৰ ভয়াৱহ পৰিস্থিতি। ১০ হাজাৰৰো অধিক লোক বানৰ কবলত।
