ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই যুদ্ধ বিৰতি চুক্তি

7

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই যুদ্ধ বিৰতি চুক্তি। কিন্তু ইয়াৰ মাজতে শংকা বৃদ্ধি পাইছে ৰাছিয়াৰ। কিয়নো প্ৰায় ৩৫ খন দেশৰ প্ৰত্যক্ষ সমৰ্থন আছে ইউক্ৰেইনলৈ আৰু ইয়াৰ বাবে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিছে।ইউক্ৰেইনক সহায়ৰ উদ্দেশ্যে ইউৰোপৰ দেশসমূহে সেনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত ৰাছিয়াই সকীয়াই দিছে যে ইউক্ৰেইনলৈ কেৱল নাটোত নোহোৱা দেশৰ পৰাহে সেনা আহিব পাৰিব।বিভিন্ন দেশৰ সহায়ত অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত ইউক্ৰেইন শক্তিশালী হৈছে আৰু ৰাছিয়াক অহৰহ আক্ৰমণ কৰি আছ। ইউক্ৰেইনৰ হাতত এতিয়া ৰাছিয়াৰ বিমান আক্ৰমণ বিফল কৰাৰ ক্ষমতা আছে। মাত্ৰ কিছুদিনৰ ভিতৰতে ইউৰোপীয় দেশৰ পৰা এয়াৰ ডিফেন্স আৰু গোলবাৰুদ ইউক্ৰেইন পাবহি।ইউৰোপৰ অস্ত্ৰ-শস্ত্ৰৰ মজুতক লৈও পুটিন সতৰ্ক। ইউৰোপীয় সংঘ, ব্ৰিটেইন, ফ্ৰান্সৰ দৰে বহু দেশে অস্ত্ৰ ক্ৰয়ৰ বাবে বাজেট প্ৰস্তুত কৰি আছে। ইয়াৰ এটা কাৰণ হ’ল ট্ৰাম্পৰ নীতি।