পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যোৱা নিশা চলোৱা বিমান আক্রমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।
আফগান সীমান্তৰ সমীপত সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও ১৩ জন আহত হয়। দুয়োখন দেশৰ সীমান্তত যোৱা এসপ্তাহ ধৰি চলা সংঘৰ্ষত বহুসংখ্যক জোৱান আৰু নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ৪৮ ঘণ্টাৰ যুদ্ধ বিৰতি ঘোষণা কৰা হৈছিল। তালিবানৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্রকাশ কৰা মতে পাকিস্তানে যুদ্ধ বিবতি ভংগ কৰি পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত বোমা পেলায়। আফগানিস্তানে এই আক্ৰমণৰ প্রত্যুত্তৰ দিব বুলি বিষয়াগৰাকীয়ে প্রকাশ কৰে।
