ইজৰাইল-ইৰাণৰ যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে সমগ্ৰ বিশ্ব যেন এতিয়া দুটা শিবিৰত বিভক্ত হৈ পৰিছে ! এফালে আমেৰিকাই ইজৰাইলক মুকলিকৈ সমৰ্থন কৰিছে।আনফালে চীন, ৰাছিয়াৰ দৰে দেশসমূহে আমেৰিকাক এই সংঘাতত হস্তক্ষেপ নকৰিবলৈ সকিয়নী প্ৰদান কৰিছে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইৰাণক স্পষ্টভাৱে সমৰ্থন কৰি ইজৰাইলক তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাবলৈ আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিৰ বাবে যুদ্ধ কেতিয়াও সঠিক উপায় নহয় বুলি উল্লেখ কৰি ছি জিনপিঙে শান্তিপূৰ্ণ আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চীন আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) দুয়োখন দেশেই যুদ্ধৰ তাৎক্ষণিক অন্ত পেলোৱাৰ বাবে আবেদন জনাইছিল। ইফালে আমেৰিকা, চৌদি আৰব, জাৰ্মানী, কানাডা, ব্ৰিটেইন, ইউ এ ই, জৰ্ডানে ইজৰাইলক সমৰ্থন কৰি ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিৰোধিতা কৰিছে। ৰাছিয়াই আমেৰিকাক প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰিছে। আমেৰিকাই যদি ইজৰাইলক যুদ্ধত সহায় কৰে তেন্তে ইয়াৰ পৰিণতি অতি বিপজ্জনক হ’ব বুলি ৰাছিয়াই সতৰ্কবাণী জাৰি কৰে।আনহাতে ৰাছিয়া, চীন, ইৰাক, লেবানন, পাকিস্তান, তুৰস্ক, ইজিপ্তই ইৰানক সমৰ্থন কৰিছে। অৱশ্যে এইক্ষেত্ৰত নিৰপেক্ষ অৱস্থানত স্থিতি লৈছে ভাৰতে। দেশখনে কোনো পক্ষকে সমৰ্থন নকৰাৰ বিপৰীতে ভাৰতে শান্তিৰ বাবে আহ্বান জনাইছে ।
