ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত নিজৰ অস্ত্ৰভাণ্ডাৰৰ পৰা ফাতেহ ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰিছিল ইৰাণে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে (IRGC) ঘোষণা কৰিছে যে অপাৰেশ্যন ট্ৰু প্ৰমিজ IIIত ফাতেহ হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰা হৈছিল। আই আৰ জি চিয়ে কয় যে এই মিছাইলটোৱে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাক সফলতাৰে ভেদ কৰি সমৰ্থকসকললৈ বাৰ্তা প্ৰেৰণ কৰে।এই অভিযানক এক টাৰ্নিং পইণ্ট বুলি অভিহিত কৰিছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে। ২০২৩ চনত ইৰাণৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা ফাতেহ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ হ’ল ১৪০০ কিলোমিটাৰ।আই আৰ জি চিয়ে এই অভিযানক এক টাৰ্নিং পইণ্ট বুলি অভিহিত কৰি কয় যে ফাতেহ ক্ষেপণাস্ত্ৰ নিয়োগ কৰাৰ ফলত ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অন্ত পৰাৰ আৰম্ভণি হৈছে। IRGCয়ে আৰু কয় যে শক্তিশালী আৰু অতি কৌশলগত ফাতেহ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ ঘাটিসমূহ জোকাৰি গৈছিল, যাৰ ফলত তেল আভিভৰ মিত্ৰ দেশসমূহলৈ ইৰাণৰ শক্তিৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল।
