ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰাণে পুনৰবাৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। দেওবাৰে পুৱা ইৰাণৰ আক্ৰমণত জোকাৰি গৈছে ইজৰাইলৰ হাইফা চহৰ। এই আক্ৰমণৰ পিছত মহানগৰীৰ বহু অট্টালিকা অগ্নিগদগ্ধ হয়। খবৰ অনুসৰি এই আক্ৰমণত হাইফাৰ তেল শোধনাগাৰক লক্ষ্য কৰি লোৱা হৈছে, য’ত আক্ৰমণৰ পিছত জুইৰ লেলিহান শিখাই এফালৰ পৰা সকলো শেষ কৰি গৈছে।এই চহৰখন ইজৰাইলৰ তৃতীয় বৃহত্তম চহৰ আৰু প্ৰধান বন্দৰ, যাৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব অতিশয় বেছি। এই আক্ৰমণে ইজৰাইলৰ আমদানি আৰু ৰপ্তানিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব।ইজৰাইলৰ চেনেল ১২ ই হাইফাৰ সমীপৰ এটা কৌশলগত স্থানত অগ্নিকাণ্ড সংঘটিত হোৱাটো নিশ্চিত কৰিছে। ইজৰাইলৰ বাবে হাইফা চহৰখন অতি গুৰুত্বপূৰ্ণ, এই চহৰখনৰ ওপৰত আক্ৰমণে ইজৰাইলক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি তুলিব।
