৫০,০০০ৰো অধিক এমএছএমই শক্তিশালী কৰাৰ লক্ষ্যত উপনীত ৱালমাৰ্ট বৃদ্ধিৰ

677

ৱালমাৰ্টে ২০১৯ চনৰ ডিচেম্বৰ মাহত শুভাৰম্ভৰ পিছৰে পৰা ৱালমাৰ্ট বৃদ্ধি ছাপ্লায়াৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম ৱালমাৰ্ট বৃদ্ধিৰ অধীনত ৫০,০০০+ এমএছএমইয়ে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি সেৱা অব্যাহত ৰাখিছে আৰু ফ্লিপকাৰ্টৰ বজাৰত সক্ৰিয় হৈ আছে। যাৰ জৰিয়তে এই সকল লোক আৰু প্ৰতিষ্ঠানে এখন বহল বজাৰত প্ৰৱেশ আৰু সমগ্ৰ ভাৰতীয় উপভোক্তাৰ ভিত্তিত প্ৰৱেশৰ সুযোাগ প্ৰদান কৰা হৈছে।

এই কাৰ্যসূচীয়ে ৱালমাৰ্টৰ প্ৰ’গ্ৰাম অংশীদাৰ, স্বস্তিৰ সৈতে স্থানীয় যোগানকৰ্তাসকলক ফ্লিপকাৰ্টৰ প্লেটফৰ্মত দক্ষ কৰি তোলাৰ বাবে বিভিন্ন সময়ত প্ৰশিক্ষণ, পৰামৰ্শ আৰু ব্যৱসায়িক পৰামৰ্শ লাভ কৰাৰ সুযোগ প্ৰদান কৰে। সমগ্ৰ ভাৰতবৰ্ষতে এই কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে মোৰাদাবাদ আৰু আগ্ৰা (উত্তৰ প্ৰদেশ), পানীপট (হাৰিয়ানা), ভূপাল (মধ্য প্ৰদেশ), চুৰাট (গুজৰাট), গুৱাহাটী (অসম) আৰু তিৰুপুৰ(তামিলনাডু)ৰ দৰে দেশৰ আগশাৰীৰ চহৰ আৰু মূল কেন্দ্ৰসমূহৰ এমএছএমইসমূহক সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশজুৰি গ্ৰাহকৰ সৈতে এই সংযোগ নিজ নিজ ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰ জৰিয়তেও লাভ কৰা হয়। ইতিমধ্যে ফ্লিপকাৰ্ট মাৰ্কেটপ্লেছৰ সৈতে সংযুক্ত হোৱা ৱালমাৰ্ট বৃদ্ধি স্নাতকসকলে প্ৰতি বছৰৰ বৃদ্ধিৰে প্ৰায় ৫৫% বৃদ্ধিৰ সাক্ষী হৈছে।

ভাৰতৰ ক্ষুদ্ৰ, মধ্যমীয়া আৰু মজলীয়া উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই কয় যে, ”ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি লাভৰ দিশত আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে এই সমৃদ্ধিৰ এটা যথেষ্ট অংশ প্ৰতিযোগিতামূলক আৰু উৎপাদনশীল এমএছএমই খণ্ডৰ দ্বাৰা পৰিচালিত হ’ব, যিয়ে অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু নিয়োগ সৃষ্টিৰ বাবে অনুঘটক হিচাপে কাম কৰিব। চৰকাৰে সকলো ৰাজ্যতে এমএছএমই খণ্ডৰ প্ৰসাৰ আৰু উন্নয়নত সক্ৰিয়ভাৱে সহায় কৰিব।” তেওঁ আৰু কয়, ”ৱালমাৰ্ট বৃদ্ধি কাৰ্যসূচীৰ দৰে পদক্ষেপে এমএছএমইসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু বৃদ্ধিৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  ৫০,০০০ৰো অধিক বৃদ্ধি স্নাতকক বজাৰৰ সুযোগ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ টীমটোক অভিনন্দন জনাইছোঁ।”