ডিজিটেলী ৱালমাৰ্ট বৃদ্ধি প্ৰগ্ৰেমৰ জৰিয়তে ৩২,০০০+ এমএছএমইক ৰূপান্তৰ কৰাত সহায় কৰিছে ৱালমাৰ্টে

104

ৱালমাৰ্টে ঘোষণা কৰিছে যে ২০১৯ চনৰ ডিচেম্বৰ মাহত আৰম্ভণিৰে পৰা ৱালমাৰ্ট বৃদ্ধি চাপ্লায়াৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম (ৱালমাৰ্ট বৃদ্ধি)ৰ অধীনত সমগ্ৰ ভাৰতৰ ৩২,০০০+এমএছএমইয়ে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। ইয়াৰে ৬,০০০ৰো অধিক এমএছএমইয়ে বজাৰত সেৱা অব্যাহত ৰাখিছে আৰু ফ্লিপকাৰ্টৰ বজাৰত সক্ৰিয় হৈ আছে। যিয়ে তেওঁলোকক সহজে সমগ্ৰ ভাৰতৰ উপভোক্তা আধাৰিত বিশাল বজাৰত অনৰ্গল প্ৰৱেশাধিকাৰ প্ৰদান কৰিছে।

২০২৪ চনৰ ভিতৰত সমগ্ৰ ভাৰতত প্ৰায় ৫০,০০০ এমএছএমইক ইয়াৰ বৃদ্ধি কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ লক্ষ্য ৱালমাৰ্টৰ। ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে স্থানীয় উদ্যোগী আৰু যোগান ধৰোঁতাসকলক সম্প্ৰসাৰণ কৰা, ঘৰুৱা কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু ভাৰতীয় এমএছএমই খণ্ডৰ বৃদ্ধিত সহায় কৰা। ভাৰতৰ এম এছ এম ই খণ্ডই ২০২৮ চনৰ ভিতৰত ১ ট্ৰিলিয়ন ডলাৰত উপনীত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ভাৰতৰ জিডিপিত ৩৩% অৰিহণা যোগাব আৰু ১২ কোটি নিয়োগ সৃষ্টি হ’ব। ইয়াত অন্তৰ্ভুক্ত হৈ আছে মহিলা, প্ৰান্তীয় উদ্যোগী, পৰম্পৰাগত শিল্পী আৰু স্থানীয় শিল্পীৰ দৰে ক্ষুদ্ৰ উদ্যোগী ইত্যাদি, যিসকল লোকৰ সাম্প্ৰতিক সময়ৰ ডিজিটেল পৰিৱেশত ব্যৱসায়িক দক্ষতাৰ অভাৱ। ২০১৯ চনৰ পৰা ৱালমাৰ্টে এমএছএমইসমূহক অন-ডিমাণ্ড লাৰ্নিং মডিউল প্ৰদান কৰি আহিছে, য’ত বিপণন, বিত্ত, যোগান শৃংখল ব্যৱস্থাপনা, তথ্য-আধাৰিত অন্তৰ্দৃষ্টি আৰু ক্ৰমবৰ্ধমান ট্ৰেণ্ডক সামৰি লোৱা হৈছে।

এই মডিউলসমূহে অনলাইন আৰু অফলাইন ব্যৱসায়ৰ বৃদ্ধি আৰু স্কেলিং সক্ষম কৰি তোলে। ৱালমাৰ্টে সহযোগী প্ৰতিষ্ঠানৰ এটা সম্প্ৰদায় আৰু ব্যক্তিগত পৰামৰ্শদাতা অধিৱেশন(মেণ্টৰিং ছেচন)ৰ সুবিধাও প্ৰদান কৰে। ৱালমাৰ্টৰ ছাপ্লায়াৰ ডেভেলপমেণ্টৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট জেছন ফ্ৰেমষ্টাডে কয় যে, “এতিয়ালৈকে ৩০,০০০ৰো অধিক এমএছএমইয়ে ডিজিটেল পথ সাদৰেৰে আঁকোৱালি লোৱাটো তেওঁলোকক ভৱিষ্যতৰ বাবে সাজু কৰি তোলা দক্ষতাৰে সজ্জিত কৰাৰ গুৰুত্বৰ কথা প্ৰমাণ কৰিছে।”