নিৰ্বাচনী বতাহ গৰম হৈ পৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত এতিয়া অভিযোগ-প্ৰত্যাভিযোগৰ ধুমুহা আৰম্ভ হৈছে। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সোমবাৰে নিশা ফেচবুক লাইভৰ জৰিয়তে বিধায়কগৰাকীয়ে দাবী কৰে যে বিজেপিয়ে নিৰ্বাচনত জয়লাভ নিশ্চিত কৰিবলৈ ভোটাৰ তালিকাৰ পৰা বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ ৰচিছে।
অখিল গগৈৰ অভিযোগ অনুসৰি, যোৱা ৪ জানুৱাৰীৰ নিশা অনুষ্ঠিত বিজেপিৰ এক বিশেষ ভিডিঅ’ কনফাৰেঞ্চত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাজনো মন্ত্ৰী আৰু বিধায়ক উপস্থিত আছিল। এই বৈঠকত মন্ত্ৰী অশোক সিংঘালক ৬০টা সমষ্টিৰ ‘যোগ্য ভোটাৰ’ৰ নাম কৰ্তন কৰাৰ বিশেষ দায়িত্ব দিয়া বুলি তেওঁ দাবী কৰে।
গগৈৰ মতে, যিসকল লোকে বিজেপিক ভোট নিদিয়ে, তেনে লোকৰ তালিকা অহা ১২ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ মণ্ডল সভাপতি আৰু বিধায়কসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াক তেওঁ সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত এক চৰম আঘাত বুলি অভিহিত কৰে।
এই গুৰুতৰ অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে বিধায়কগৰাকীয়ে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। ৪ জানুৱাৰীৰ সেই গোপন বৈঠকৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিবলৈ দাবী জনোৱাৰ লগতে তেওঁ কয় যে যদি তেওঁৰ অভিযোগ মিছা বুলি প্ৰমাণিত হয়, তেন্তে তেওঁ ‘নাৰ্কো-এনালাইছিছ টেষ্ট’ৰ সন্মুখীন হ’বলৈও সাজু।
সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনাই অখিল গগৈয়ে ৰাজ্যৰ ভোটাৰসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। অৱশ্যে বিজেপিৰ ফালৰ পৰা এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।
