নেটৱৰ্ক সুৰক্ষা বৃদ্ধিৰ বাবে ন’কিয়াৰ সৈতে সহযোগিতা ভোডাফোন-আইডিয়াৰ

104

ভোডাফোন আইডিয়াই ন’কিয়াৰ সৈতে সহযোগিতাৰে নেটগাৰ্ড এণ্ডপইণ্ট ডিটেকচন এণ্ড ৰেচপন্স (ইডিআৰ) চিষ্টেম স্থাপন কৰিছে। সমগ্ৰ দেশত ভোডাফোন আইডিয়াৰ গ্ৰাহক আৰু উদ্যোগী গ্ৰাহকসকলক বৃদ্ধি পোৱা চাইবাৰ ভাবুকি আৰু সুৰক্ষাৰ দুৰ্বলতাৰ পৰা ৰক্ষা কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। এক অত্যাধুনিক ভাবুকি চিনাক্তকৰণ চ্যুট নেটগাৰ্ড ইডিআৰক ভোডাফোন-আইডিয়াৰ মূল নেটৱৰ্কত একত্ৰিত কৰা হ’ব। এই প্ৰণালীয়ে বাস্তৱ-সময়, স্বয়ংক্ৰিয় নিৰীক্ষণ প্ৰদান কৰিব, যাৰ ফলত অন্তিম বিন্দু-সম্পৰ্কীয় সুৰক্ষা ঘটনাসমূহ দ্ৰুতভাৱে চিনাক্ত আৰু প্ৰশমন কৰিবলৈ সক্ষম হয়। সুৰক্ষাৰ ব্যৱধান হ্ৰাস কৰি ব্যাপক পৰীক্ষাৰ প্ৰয়োজনীয়তা নোহোৱা বা কম কৰি কাৰ্যকৰী ব্যয় হ্ৰাসৰ জৰিয়তে নেটগাৰ্ড ইডিআৰে সমগ্ৰ অপাৰেচনেল টেকন’লজী (অ’টি) নেটৱৰ্কত নিৰন্তৰ সেৱা উপলব্ধতা আৰু প্ৰদৰ্শন নিশ্চিত কৰে।

ভোডাফোন আইডিয়াৰ মুখ্য প্ৰযুক্তি বিষয়া জগবীৰ সিঙে নেটৱৰ্ক সুৰক্ষাৰ উন্নতিৰ বাবে ভোডাফোন আইডিয়াৰ দায়বদ্ধতা প্ৰকাশ কৰি কয় যে, “ভোডাফোন আইডিয়াই নেটৱৰ্ক বিৱৰ্তণৰ পৰৱৰ্তী পৰ্যায়টোক আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ উন্নত সমাধানসমূহে যাতে অতুলনীয় সংযোগ আৰু সুৰক্ষা দুয়োটাই সমানে প্ৰদান কৰে সেয়া নিশ্চিত কৰা হৈছে। আমি ন’কিয়াৰ সৈতে এই যাত্ৰাক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে আমি এনে নেটৱৰ্ক গঢ়ি তোলাত মনোনিৱেশ কৰিছোঁ, যিবোৰ স্থিতিস্থাপক আৰু ডিজিটেল ৰূপান্তৰৰ উচ্চ নিৰাপত্তাজনিত বিপদকে ধৰি দৈনিক বৃদ্ধি পোৱা দাবী বা প্ৰয়োজনীয়তাসমূহক সমৰ্থন কৰিবলৈ সক্ষম।”

গুৱাহাটীৰ লগতে সমগ্ৰ অসমত নেটগাৰ্ড ইডিআৰ ৰূপায়ণে টেলিকম সেৱাৰ নিৰাপত্তা আৰু নিৰ্ভৰযোগ্যতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এয়া অঞ্চলটোৰ সম্প্ৰসাৰিত ব্যৱসায় খণ্ডৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, য’ত সুৰক্ষিত আৰু স্থিৰ নেটৱৰ্ক সংযোগ অত্যাৱশ্যকীয়। বৰ্ধিত নিৰাপত্তা ব্যৱস্থাই কেৱল স্থানীয় উদ্যোগসমূহক চাইবাৰ প্ৰত্যাহ্বানৰ পৰা সুৰক্ষিত কৰাই নহয়, লগতে ৰাজ্যখনতো অধিক শক্তিশালী ডিজিটেল আন্তঃগাঁথনি গঢ়ি তুলিব।