তিনিটা গ্ল’বেল নেটৱৰ্ক অংশীদাৰৰ সৈতে মেগা ৩.৬ বিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ ভোডাফোন আইডিয়াৰ

107

ভোডাফোন আইডিয়া(“ভিআইএল” বা “কোম্পানী”)ই আগন্তুক ৩ বছৰৰ ভিতৰত নেটৱৰ্ক সঁজুলি যোগানৰ বাবে ন’কিয়া, এৰিক্সন আৰু ছেমছাঙৰ সৈতে ৩.৬ বিলিয়ন মাৰ্কিন ডলাৰ (~৩০০ বিলিয়ন টকা)ৰ মেগা ~৩.৬ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে। কোম্পানীটোৰ ~৬.৬ বিলিয়ন মাৰ্কিন ডলাৰ(৫৫০ বিলিয়ন টকা)ৰ ৰূপান্তৰশীল ৩ বছৰীয়া কেপেক্স পৰিকল্পনা ৰূপায়ণৰ দিশত প্ৰথম পদক্ষেপ হিচাপে এই চুক্তি স্বাক্ষৰ কৰিছে।

প্ৰতিষ্ঠানটোৱে বৰ্তমানৰ দীৰ্ঘম্যাদী অংশীদাৰ ন’কিয়া আৰু এৰিক্সনৰ সৈতেও নিজৰ ব্যৱসায়িক লেনদেন অব্যাহত ৰাখিছে আৰু লগতে ছেমচাঙক নতুন অংশীদাৰ হিচাপে নতুনকৈ অনব’ৰ্ড কৰিছে। শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহৰ নিলামত ৩৫ বিলিয়ন টকাৰ অতিৰিক্ত স্পেকট্ৰম অধিগ্ৰহণৰ পিছত ২৪০ বিলিয়ন টকালৈ বৃদ্ধি পালে ইকুইটি। এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি ভোডাফোন আইডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় মুন্দ্ৰাই কয় যে, “আমি উদীয়মান নেটৱৰ্ক প্ৰযুক্তিৰ বাবে বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ  আৰু আমাৰ গ্ৰাহকসকলক এক সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে সদায়ে সমৰ্পিত হৈ আছোঁ।

আমি ইয়াৰ বাবে ইতিমধ্যে বিনিয়োগ চক্ৰ আৰম্ভ কৰিছোঁ। আমি ভিআইএল ২.০-ৰ যাত্ৰা অন্বেষণ কৰি আছোঁ আৰু ইয়াৰ জৰিয়তে  ভিআইএল-এ উদ্যোগৰ বিকাশৰ সুযোগসমূহ কাৰ্যকৰীভাৱে প্ৰয়োগ কৰাৰ বাবে এক স্মাৰ্ট টাৰ্নএৰাউণ্ড প্লেটফৰ্ম তৈয়াৰ কৰিব।