নেক্সট-জেন প্ৰযুক্তি ব্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কাৰ্য-কলাপ সলনিৰ পৰিকল্পনা ভিভাণ্টা ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ

430

গুজৰাটৰ আহমেদাবাদস্থিত ভিভাণ্টা ইণ্ডাষ্ট্ৰীজ লিমিটেডে সৃষ্টি বা ধাৰণা জন্মৰ পৰা ৰূপায়ণলৈকে প্ৰকল্পসমূহৰ বাবে পৰামৰ্শ আৰু টাৰ্ণকী চল্য়ুচন প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে যাতে নেক্সট-জেন ব্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যৱসায়িক কাৰ্য-কলাপ সলনি কৰিব পৰা যায়ে। এই প্ৰতিষ্ঠানটোৱে ড্ৰোন, তথ্য প্ৰযুক্তি, এআই আৰু ৰবটিক্স, বৈদ্যুতিক বাহনৰ বাবে চাৰ্জিং ষ্টেচনসহ পোনপটীয়াকৈ নতুন নতুন ক্ষেত্ৰত বিনিয়োগ আৰু দৃষ্টি নিক্ষেপ কৰিছে।

প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ড্ৰোন আৰু ইভি ব্যৱসায়ৰ কাম আৰম্ভ কৰিছে আৰু আহি থকা দিনবোৰত ইয়াক ডাঙৰ কৰি আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছে।  ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ভিভাণ্টা ইণ্ডাষ্ট্ৰীজ লিমিটেডে ভিভাণ্টা ড্ৰোন ৰিচাৰ্ছ চেণ্টাৰ টাঞ্জানিয়া লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত উপনীত হৈছে, ইয়াৰ জৰিয়তে ড্ৰোন এচেম্বলী আৰু গৱেষণা আৰু বিকাশৰ বাবে ৫০% অংশীদাৰিত্ব অধিগ্ৰহণ কৰিছে। ২০২৩ৰ এপ্ৰিলত প্ৰতিষ্ঠানটোৱে বৈদ্যুতিক বাহন প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ লক্ষ্যৰে ইভিচাৰ্জিং আৰু নিৰ্মাণ ইউনিট স্থাপন কৰাৰ বাবে ইভিঅ’চিএনএৰ পৰা ৫ মিলিয়ন ডলাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছিল।

এই কোম্পানীটোৱে অদূৰ ভৱিষ্যতে চাবৰকান্থাত এটা বায়’গেছ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, ইয়া বাবে ১:৪ বোনাচ ইছ্যু অনুমোদিত কৰিছে আৰু ২০২৩ৰ ১৫ ছেপ্টেম্বৰত বিএছইৰ পৰা ব্যৱসায়িক অনুমোদন লাভ কৰাৰ ফলত মুঠ ১.৩০ কোটি টকা লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে।