নতুন প্ৰচাৰ অভিযানৰ জৰিয়তে এচিল’ৰ®ৰ লেন্সসমূহৰ উদ্ভাৱন প্ৰদৰ্শন বিৰাট কোহলীৰ

177

চশমাৰ ক্ষেত্ৰখনত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান এচিল’ৰ®-এ ক্ৰিকেট তাৰকা বিৰাট কোহলীক লৈ নতুন এক প্ৰভাৱশালী অভিযান আৰম্ভ কৰিছে, ইয়াত নিজৰ উন্নত লেন্স প্ৰযুক্তি আইজেন® আৰু ভেৰিলাক্স®ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিজ্ঞাপন অভিযানৰ লক্ষ্য হৈছে ব্ৰেণ্ডৰ দৃশ্যমানতা বৃদ্ধি কৰা আৰু গ্ৰাহকৰ বাবে এই সামগ্ৰীসমূহৰ উচ্চ মানদণ্ডৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

এই বিজ্ঞাপন অভিযানৰ প্ৰাৰম্ভিক পৰ্যায়ত আইজেন®, এচিল’ৰ®ৰ একক দৃষ্টিশক্তি লেন্স(ছিংগল ভিজন লেন্স)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যিয়ে ডিজিটেল দৃষ্টিশক্তিৰ চাপৰ বিৰুদ্ধে যুঁজিবলৈ ডিজাইন কৰা হৈছে। বিজ্ঞাপন ছবিখনে বিভিন্ন পৰিস্থিতিৰ নিদৰ্শন দাঙি ধৰিছে য’ত ডিজিটেল ডিভাইচৰ ব্যৱহাৰে দৃষ্টিশক্তিৰ ক্ষেত্ৰত অস্বস্তিৰ সৃষ্টি কৰে, বিৰাট কোহলিয়ে নিজেই এজন আইজেন® ব্যৱহাৰকাৰী আৰু সকলোকে এই লেন্সৰ ব্যৱহাৰৰ পোষকতা কৰিছে। আইজেন® লেন্সে দৃষ্টিশক্তিৰ সমস্যা ক্ৰমান্বয়ে নোহোৱা কৰে আৰু নীলা-বেঙুনীয়া পোহৰ ফিল্টাৰ কৰি দৃষ্টিশক্তিৰ শিথিলতা আৰু সুৰক্ষা দুয়োটাই নিশ্চিত কৰে।

প্ৰচাৰ অভিযানৰ দ্বিতীয় পৰ্যায়ত কোহলীয়ে প্ৰেচবিওপিয়াক লক্ষ্য কৰি প্ৰগতিশীল লেন্স ভেৰিলাক্স®ৰ প্ৰচাৰ কৰিছে। এই বিজ্ঞাপন ছবিখনৰ এই ভাগত দেখুওৱা হৈছে বিশেষ দৃশ্য, য’ত কোহলীয়ে নিজৰ প্ৰাক্তন প্ৰশিক্ষকক ভাৰিলাক্স®ৰ পৰামৰ্শ দিয়ে, যিয়ে উন্নত এআই প্ৰযুক্তি ব্যৱহাৰ কৰি দৃষ্টি পৰিসৰৰ মাজত নিৰ্বিঘ্নে পৰিৱৰ্তন আনিব পৰা লেন্সৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে।

উদীয়মান প্ৰযুক্তি-সজাগ ব্যৱহাৰকাৰীৰে পৰিপূৰ্ণ গুৱাহাটীয়ে এই অভিযানত ইতিবাচক সঁহাৰি দিব বুলি আশা কৰা হৈছে। ডিজিটেল ডিভাইচৰ ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰালভাৱে স্থানীয় গ্ৰাহকসকলে ডিজিটেল চাপৰ পৰা পৰিত্ৰাণৰ বাবে আইজেন®ৰ সকাহ বিশেষভাৱে আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। বিৰাট কোহলীৰ অনুমোদনে উপভোক্তাসকলৰ আস্থা বৃদ্ধি কৰিব আৰু অঞ্চলটোত এচিল’ৰ®ৰ অভিনৱ লেন্স সমাধানৰ চাহিদা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।