ক্ৰিকেটাৰ বিৰাট কোহলীৰ চুৰাটৰ এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে ।অংকিত পেটেল নামৰ এইগৰাকী অনুৰাগীয়ে খেলপথাৰত বিৰাট কোহলীৰ প্ৰদৰ্শনত ইমানেই আপ্লুত যে তেওঁ বিৰাট কোহলীক ক্ৰিকেটৰ গডফাদাৰ হিচাপে গণ্য কৰে ।সেয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ প্ৰতি সন্মান জনাই অংকিত পেটেলে ১৫ লাখ টকাৰ ১৫ তোলা সোণৰ মোবাইল ক’ভাৰৰ লগতে সোণৰ ব্ৰেচলেট নিৰ্মাণ কৰিছে । সোণৰ মোবাইলৰ ক’ভাৰত বিৰাট কোহলীৰ ছবি আৰু নাম অংকন কৰা হৈছে । কোহলীৰ সন্মানত নিৰ্মিত এই সোণৰ মোবাইল ক’ভাৰটো বৰ্তমান চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ।
