টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে এই সন্দৰ্ভত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰে কোহলীয়ে। ১৪ বছৰ ধৰি টেষ্ট ক্ৰিকেট খেলি অহা কোহলীয়ে বিগত সপ্তাহত অৱসৰ গ্ৰহণ কৰাৰ ইংগিত দিছিল। কিন্তু আজি এই ইংগিত চূড়ান্ত কৰি তেওঁ অনুৰাগীসকলক নিজৰ অৱসৰৰ বিষয়ে জনায়। এই সন্দৰ্ভত বিৰাটে ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰিছে।বিৰাট কোহলীয়ে নিজৰ সপোন পূৰণ নকৰাকৈয়ে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় ল’লে। বিৰাট কোহলীৰ সেই সপোন তেওঁৰ ১০০০০০ টেষ্ট ৰাণৰ সৈতে জড়িত। বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান সম্পূৰ্ণ কৰিব বিচাৰিছিল। যযিটো সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ এই ফৰ্মেটৰ পৰা বিদায় লয়।১৪ বছৰীয়া কেৰিয়াৰত বিৰাট কোহলীয়ে ১২৩খন টেষ্ট খেলিছিল, য’ত তেওঁ ২১০ ইনিংছত গড়ে ৪৬.৮৫ ৰান কৰি ৯২৩০ ৰান সংগ্ৰহ কৰিছিল। অৰ্থাৎ বিৰাট কোহলী ১০ হাজাৰ টেষ্ট ৰানৰ সপোনৰ পৰা ৭৭০ ৰান দূৰত থাকিল। বিৰাট কোহলীৰ টেষ্ট শতক আৰু অৰ্ধশতকৰ সংখ্যা প্ৰায় সমান ।
