শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ সৈতে লণ্ডনৰ পৰা ঘৰলৈ উভতি আহিছিল। আৰু সপ্তাহটো শেষ হোৱাৰ লগে লগে লৰালৰিকৈ গ’ল প্ৰেমানন্দ মহাৰাজক লগ কৰিবলৈ।অনুৰাগীৰ মাজত এটাই প্ৰশ্ন, প্ৰেমানন্দজী মহাৰাজৰ লগত দুয়োজনে কি কথা পাতিলে? ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কোহলী আৰু অনুষ্কাক প্ৰেমানন্দজী মহাৰাজৰ সৈতে আধ্যাত্মিক বাৰ্তালাপত অংশগ্ৰহণ কৰা দেখা গৈছে।
