ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতিয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থা আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত অলপতে ছাত্ৰ – ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰ উচ্চ ইংৰাজী বিদ্যালয়ত “পানীৰ গুণগত মান” বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ দিনৰ ১১.৩০ বজাৰ পৰা আৰম্ভ হোৱা সভাখনত অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়া , সম্পাদিকা অন্তৰা বৰুৱা , সংস্থাৰ কেবাগৰাকী সদস্যা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব অভিযন্তা গায়ত্ৰী ভট্টাচাৰ্য , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰৰ কেবাজনো বিষয়া , চন্দ্ৰপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাৰজান আলী , শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷
সভাৰ আৰম্ভণিতে ডঃ বিভা দাস শইকীয়াই ছাত্ৰ-ছাত্ৰী সকলক বায়ু, পানী আৰু মাটিৰ প্ৰদূষণৰ সম্পৰ্কে এক মননশীল ভাষণ প্ৰদান কৰে। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য ৰসায়নবিদ ডঃ মৃদুষ্মিতা বৰুৱাই বিভিন্ন প্ৰকাৰৰ প্ৰদূষণেৰে কেনেদৰে পৰিবেশ দুষিত হয় তাৰ আলোকপাত কৰি পানীৰ অম্লতা , খাৰকীয় গুণ ,কঠিন পানী , কোমল পানী , ঘোলা পানী ক্লৰিনযুক্ত পানীৰ বিষয়ে বিশদ বাখ্যা আগবঢ়ায়৷ সভাত চন্দ্ৰপুৰ অঞ্চলৰ কেবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লৈ অনা পানী আৰু বিদ্যালয়ত ব্যৱহাৰ কৰা পানী পৰীক্ষা কৰি দেখুওৱা হয়। সভাত ছাত্ৰ – ছাত্ৰীসকলৰ মাজত এক প্ৰশ্নোত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
চন্দ্ৰপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক প্ৰভাত কলিতাৰ পৰিচলনাত অনুষ্ঠিত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক অসম মহিলা অভিযন্তা সংস্থাৰ তৰফৰ কৰা পুৰস্কৃত কৰা হয় ৷ সভাত প্ৰধান শিক্ষক ফাৰজান আলিয়ে মহিলা অভিযন্তা সংস্থা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰে ৷ শেষত শলাগৰ শৰাই আগবঢ়াই অভিযন্তা গীতাঞ্জলি কাকতিয়ে।
