আগষ্টৰ শেষৰ ফালে দেশবাসীয়ে নতুন উপ-ৰাষ্ট্ৰপতি লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা ৭২ ঘন্টাত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ পাব পাৰে। নিৰ্বাচন আয়োগে বুধবাৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে। যেতিয়া সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ব, তেতিয়া আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰিম বুলি প্ৰকাশ কৰিছে। সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত নিৰ্বাচন আয়োগক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। ২১ জুলাইৰ নিশা জগদীপ ধনখৰে হঠাতে দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ঠিক পিছদিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদত্যাগ পত্ৰ গ্ৰহণ কৰে। ৭৪ বছৰীয়া ধনখৰৰ কাৰ্যকাল ২০২৭ চনৰ ১০ আগষ্টলৈকে আছিল।
