২০২৩ৰ ২৪ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাইব্ৰেণ্ট গুজৰাট ৰোড শ্ব’

755

গুজৰাট চৰকাৰে ২০২৩ৰ ২৪ নৱেম্বৰত গুৱাহাটীত ৰাজ্যখনৰ ঔদ্যোগিক দক্ষতা আৰু ‘ভৱিষ্যতৰ প্ৰৱেশদ্বাৰ’ হিচাপে নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ এক ৰোড শ্ব’ৰ আয়োজন কৰিছে। গুজৰাট চৰকাৰে নতুন দিল্লীত শুভাৰম্ভ কৰিছিল এই কাৰ্যসূচীৰ। এইপৰ্যন্ত মুম্বাই, চণ্ডীগড়, কলকাতা, চেন্নাই, লক্ষ্ণৌ আৰু বেংগালুৰুত ৰোডশ্ব’ৰ সফলভাৱে অনুষ্ঠিত কৰিছে। উদ্যোগ আৰু ব্যৱসায়িক নেতাবৃন্দৰ সৈতে বাৰ্তালাপ আৰু ব্যৱসায়ৰে জড়িতসকলক ২০২৪ চনৰ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভিজিজিএছ ২০২৪ সন্মিলনলৈ আমন্ত্ৰণ জনাবলৈ এই ভাইব্ৰেণ্ট গুজৰাট ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছে। 

এই অনুষ্ঠানত গুজৰাট চৰকাৰৰ পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, বন আৰু পৰিৱেশ, জলবায়ু পৰিৱৰ্তনৰ বিভাগৰ মন্ত্ৰী মুলুভাই বেৰাৰ নেতৃত্বত এক পেনেল ডিছকাছন(আলোচনা চক্ৰ) অনুষ্ঠিত হব। এই অনুষ্ঠানত ব্যৱসায়ীসকলে তথ্যপ্ৰযুক্তি আৰু আইটিইএছ, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক্স, মহাকাশ আৰু প্ৰতিৰক্ষা, জৈৱপ্ৰযুক্তি, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেলছৰ দৰে খণ্ডসমূহৰ মাজত সহযোগিতাৰ সুযোগসমূহ অন্বেষণ কৰিব পাৰিব।

এই অনুষ্ঠানে গিফ্ট চিটী, ধোলেৰা এছআইআৰ আৰু বায়’টেক পাৰ্কৰ দৰে ভৱিষ্যতৰ বাবে সাজু মেগা প্ৰজেক্টসমূহত বিনিয়োগৰ বাবে  আকৰ্ষণৰ প্ৰয়াস কৰিব। নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু চি আই আই অসম কাউন্সিলৰ উপাধ্যক্ষ ভাস্কৰ ফুকনৰ আদৰণি ভাষণেৰে আৰম্ভ হ’ব এই অনুষ্ঠান আৰু ইয়াৰ পিছত ভাইব্ৰেণ্ট গুজৰাট, ঢোলেৰা এছআইআৰ আৰু গিফ্ট চিটীৰ ওপৰত এখন দৃশ্য-শ্ৰাব্য চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হব।