গেমলফ্টৰ সৈতে কৌশলগত অংশীদাৰিত্বত স্বাক্ষৰ ভিআইৰ

598

ভিআই আৰু ম’বাইল গেম ডেভেলপাৰ গেমলফটে বিভিন্ন ধৰণৰ আল্ট্ৰা কেজুৱেল(অতি-নৈমিত্তিক) গেমৰ এক বৃহৎ বিকল্প বা বাছনি যেনে ক্ৰীড়া, ৰেচিং, একচন আৰু দুঃসাহসিক অভিযান প্ৰদানৰ বাবে একত্ৰিত হৈছে।

গ্ৰাহকসকলে ভিআই এপত ভিআই গেমছ ডাউনলোড কৰি গেমলফ্ট অৰিজিনেল আৰু জনপ্ৰিয় গেম যেনে ডেঞ্জাৰ ডেছ, ব্লক ব্ৰেকাৰ আনলিমিটেড, লুডি বাবলচ আৰু এছফাল্ট ৰেট্ৰোৰ দৰে গেমসমূহত বিনামূলীয়া প্ৰৱেশাধিকাৰ উপভোগ কৰিব পাৰে। ভিআইৰ গ্ৰাহকসকলে এই গেমিং স্বৰ্গ অন্বেষণ কৰিবলৈ কেৱল ভিআই এপৰ ফান গেমছ আৰু ভিআই গেমছ ছেকচন ব্ৰাউজ কৰিব পাৰে।

মোবাইলৰ গেমাৰসকলক এক অতুলনীয় গেমিং অভিজ্ঞতা প্ৰদান আৰু গেমিং বিকল্প আকৰ্ষণ কৰাৰ বাবে ভিআইৰ সমৰ্পিত সহযোগিতাত প্ৰতিফলিত হয়। ভিআইয়ে অচিৰে গেমলফ্টৰ টুৰ্ণামেণ্ট-চালিত সেৱাৰ চাবস্ক্ৰিপচন ভিত্তিক সংস্কৰণ এৰিনা প্ৰৱৰ্তন কৰাৰ মনস্থ কৰিছে।