ভি-এ এনজিঅ’ৰ সৈতে অংশীদাৰিত্ব কৰি সমগ্ৰ দেশৰ ষ্ট’ৰত প্ৰদৰ্শন কৰিছে ভাৰতীয় হস্তশিল্প 

154

টেলিকম অপাৰেটৰ ভি-এ সমগ্ৰ দেশৰ স্থানীয় শিল্পীসকলক উদযাপন আৰু সহায় কৰাৰ উদ্দেশ্যে “আৰ্টিছানচ অৱ ইণ্ডিয়া” নামৰ এক নতুন পদক্ষেপ আৰম্ভ কৰিছে। বিভিন্ন এনজিঅ’ৰ সৈতে অংশীদাৰিত্ব কৰি ভি-এ মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, কেৰালা, পশ্চিম বংগ আৰু গুজৰাটৰ দৰে ৰাজ্যৰ নিজৰ ষ্ট’ৰসমূহত ৬০তকৈ অধিক শিল্পীৰ অনন্য সৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই উদ্যোগটোত বিভিন্ন ধৰণৰ হস্তশিল্পসমূহ অন্তৰ্ভুক্ত, যাৰ ভিতৰত আছে হাতেৰে অংকিত মোনা, চিকনকাৰী এম্ব্ৰইডাৰী, পুতলা আৰু সুসজ্জিত বন্তি ইত্যাদি। কলকাতাত ইউনিভাৰ্চেল স্মাইলে ভি-ৰ চাউথ চিটী ষ্ট’ৰত হাতেৰে অংকিত কাপোৰৰ বেগ প্ৰদৰ্শন কৰিছিল, যাৰ জৰিয়তে উপাৰ্জন হোৱা ধনসমূহ এখন অনাথ আশ্ৰমক দান কৰিছিল।

আনহাতে, গুজৰাটত আস্থানা ফাউণ্ডেচনৰ বিশেষভাৱে সক্ষম শিশুসকলে নান্দনিকভাৱে প্ৰস্তুত কৰা কৰা দিয়া(বন্তি)সমূহ প্ৰদৰ্শন কৰিছিল। ভি-ৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতৰ সমৃদ্ধ শৈল্পিক ঐতিহ্যৰ সংৰক্ষণ আৰু স্থানীয় সম্প্ৰদায়সমূহক শক্তিশালী কৰা। এই প্ৰদৰ্শনীৰ সময়ছোৱাত টেলিকম ক্ষেত্ৰৰ আগশাৰীৰ বিপণীসমূহত সাংস্কৃতিক ঐতিহ্য জীৱন্ত হৈ পৰিছিল, যাৰ ফলত পৰম্পৰাগত কাৰুশিল্পই চহৰীয়া গ্ৰাহকৰ অধিক কাষ চাপিবলৈ সক্ষম হৈছিল। ইএছএছচিইএনটি, স্বচ্ছ সমিতি আৰু দিশা শক্তি স্বয়ম সহায় সমূহৰ দৰে বেচৰকাৰী সংস্থাৰ সৈতে অংশীদাৰীত্ব কৰি ভি-এ সামাজিক দায়বদ্ধতাৰ প্ৰতি নিজৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতীয় শিল্প-কলাৰ এই জগতখনৰ প্ৰভাৱ গুৱাহাটীতো অনুৰণিত হৈছে, য’ত পৰম্পৰাগত কাৰুশিল্পৰ বজাৰখন ক্ৰমান্বয়ে বৃহৎ ৰূপ লৈছে। ভি-ৰ সহযোগিতাই স্থানীয় কাৰুশিল্পীসকলক এখন মঞ্চ প্ৰদান কৰি অধিক উৎসাহিত কৰিব পাৰে যিয়ে এইসকল শিল্পসাধকক অধিক দৰ্শকৰ সৈতে সংযোগ কৰিব, যাৰ ফলত বজাৰৰ সজীৱতা আৰু উপলব্ধতা বৃদ্ধি পাব।