ভি-এ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অতিৰিক্ত ডাটা আৰু অ’টিটি সুবিধাৰ সৈতে আগবঢ়াইছে স্বাধীনতা দিৱসৰ অফাৰ

110

ভাৰতৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ভি(ভোডাফোন আইডিয়া)-এ নিজৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে একচেটিয়া অফাৰ মুকলি কৰিছে, যাৰ ভিতৰত আছে অতিৰিক্ত ডাটা আৰু অ’টিটি চাবস্ক্ৰিপশ্বনৰ সুবিধা। সীমিত সময়ৰ অফাৰবোৰ ১৩ আগষ্টৰ পৰা ২৮ আগষ্ট, ২০২৪লৈ কেৱল ভি এপত উপলব্ধ।

ছমহীয়া বা বাৰ্ষিক পেকৰ বাবে ৰিচাৰ্জ কৰা প্ৰিপেইড ব্যৱহাৰকাৰীসকলে নিজৰ দৈনিক সীমাৰ বাহিৰেও ৩০ জিবিৰ পৰা ৫০ জিবি অতিৰিক্ত হাই-স্পীড ডাটা লাভ কৰিব। বোনাছৰ ইণ্টাৰনেট ডাটা ছমহীয়া পেকত ৪৫ দিন আৰু বাৰ্ষিক পেকত ৯০ দিনৰ বাবে বৈধ থাকিব। ইয়াৰ উপৰিও ভি-এ নিৰ্বাচিত বাৰ্ষিক ৰিচাৰ্জৰ সৈতে বিনামূলীয়াকৈ ডিজনী+ হটষ্টাৰ আৰু এমাজন প্ৰাইম ভিডিঅ’কে ধৰি জনপ্ৰিয় অ’টিটি প্লেটফৰ্মসমূহৰ এবছৰৰ চাবস্ক্ৰিপচন আগবঢ়াইছে। এই চুক্তিক আৰু অধিক আকৰ্ষণীয় কৰিবলৈ ভি এপ ব্যৱহাৰকাৰীসকলে বছৰেকীয়া ৰিচাৰ্জ পেকত অতিৰিক্ত ৰেহাই লাভ কৰিব।

উদাহৰণস্বৰূপে, ৩৪৯৯ টকা, ৩,৬৯৯ টকা আৰু ৩,৭৯৯ টকাৰ ৰিচাৰ্জত ক্ৰমে ৫০, ৭৫ আৰু ১৯৯ টকা ৰেহাই লাভ কৰিব। ভি শ্বপৰ জৰিয়তে বজাৰ কৰা সকলক ৩০+ ব্ৰেণ্ডত গিফ্ট কাৰ্ড আৰু আকৰ্ষণীয় ৰেহাই আগবঢ়াইছে। এই অফাৰবোৰে অসম তথা উঃ-পূবৰ গ্ৰাহকসকলৰ আগ্ৰহ-আকৰ্ষণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে কিয়নো গ্ৰাহকসকলে ক্ৰমান্বয়ে মূল্য-সংযোজন সেৱা বিচাৰে। অসমত অ’টিটি সমলৰ বৰ্ধিত চাহিদাৰ লগে লগে ডিজনী+ হটষ্টাৰ আৰু আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে ভি-ৰ অফাৰৰ সমাহাৰে অঞ্চলটোৰ ব্যৱহাৰকাৰীসকলৰ সৈতে সঠিকভাৱে অনুৰণিত হোৱাৰ সম্ভাৱনা আছে।