জি5ৰ সৈতে অংশীদাৰিত্বৰে সুশৃংখলিত চাবস্ক্ৰিপচন প্লেনৰ সৈতে মনোৰঞ্জনৰ দিগন্তৰ সম্প্ৰসাৰণ ভিৰ

86

১৭টা আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা উদ্ভাৱনীমূলক চাবস্ক্ৰিপচন প্লেন মুকলিৰ সমান্তৰালভাৱে জি5ক নিজৰ ধ্বাজাবাহী ভি মুভিজ এণ্ড টিভি এপত সংযুক্ত কৰি নিজৰ মনোৰঞ্জনৰ ভাণ্ডাৰক অধিক শক্তিশালী কৰি তুলিছে। সুলভ মূল্যৰ অথচ বিস্তৃত মনোৰঞ্জন সমাধানৰ বাবে ভাৰতীয় গ্ৰাহকৰ বিকশিত চাহিদা পূৰণৰ বাবে ভিৰ নৱীকৃত প্ৰতিশ্ৰুতিক শেহতীয়া পদক্ষেপে আলোকপাত কৰিছে। এই বছৰৰ আৰম্ভণিতে সফল ৰিব্ৰেণ্ডৰ পিছত ভি মুভিজ এণ্ড টিভি এপ এতিয়া বিস্তৃত প্লেনৰ অধীনত ডিজনী+ হটষ্টাৰ, চনীলিভ আৰু নতুনকৈ যোগ কৰা জি5ৰ দৰে আগশাৰীৰ অ’টিটি প্লেটফৰ্মক একত্ৰিত কৰা একমাত্ৰ এপ হিচাপে স্বীকৃত হৈছে।

গ্ৰাহকসকলে এতিয়া চিনেমা, শ্ব’ আৰু লাইভ টিভি চেনেলৰ বিষয়বস্তুৰ এক বিশাল লাইব্ৰেৰী উপভোগ কৰিব পাৰিব, এই সকলোবোৰ সুবিধা প্ৰতিমাহে মাত্ৰ ২৪৮ টকাত উপলব্ধ। ভোডাফোন আইডিয়াৰ মুখ্য বিপণন বিষয়া অৱনীশ খোছলাই এপটোৰ ভেল্যু প্ৰস্তাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “ভি মুভিজ এণ্ড টিভি এপে ছিংগল চাবস্ক্ৰিপচনৰ সৈতে ১৭টা অ’টিটি প্লেটফৰ্মত ব্যৱহাৰৰ সুবিধা প্ৰদান কৰি মনোৰঞ্জনৰ ব্যৱহাৰ সহজ কৰি তুলিছে। ইয়াৰ ফলত খৰচ কম হোৱাই নহয়, লগতে ব্যৱহাৰকাৰীৰ সুবিধাও বৃদ্ধি পাইছে। ইয়াৰ ফলত একাধিক চাবস্ক্ৰিপচনৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰিছে।” আইচিচিৰ পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ দৰে জনপ্ৰিয় ক্ৰীড়া প্ৰতিযোগিতা আৰু “মঞ্জুমেল বয়ছ” আৰু “আৰনমনাই ৪”ৰ দৰে আঞ্চলিক পৰ্যায়ৰ হিট অনুষ্ঠানকে ধৰি বিভিন্ন ৰুচিৰ বাবে ভিন্ন সামগ্ৰী যোগান ধৰি আকৰ্ষণীয় বিবিধ অফাৰৰ সৈতে ভি মুভিজ এণ্ড টিভিয়ে এক সমৃদ্ধ মনোৰঞ্জনৰ অভিজ্ঞতা নিশ্চিত কৰে।

এই এপটোৰ বহুমুখীতা ডিভাইচসমূহত সামঞ্জস্যতালৈ প্ৰসাৰিত হৈ আছে—স্মাৰ্টফোনৰ পৰা স্মাৰ্ট টিভিলৈকে—যাৰ ফলত ব্যৱহাৰকাৰীয়ে যিকোনো সময়তে, যিকোনো ঠাইতে সমলসমূহ ষ্ট্ৰীম কৰিব পাৰে। তদুপৰি ভিৰ নতুন চাবস্ক্ৰিপচন প্লেনে ব্যৱহাৰকাৰীৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰে : ভি মুভিজ এণ্ড টিভি – প্লাছ: প্ৰতিমাহে ২৪৮ টকাত ১৭টা অ’টিটি এপ, ৩৫০টা লাইভ টিভি চেনেল আৰু বৰ্ধিত ডাটাৰ সুবিধাৰ আনলিমিটেড প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। ভি মুভিজ এণ্ড টিভি লাইট : ১৬টা অ’টিটি এপ আৰু অতিৰিক্ত ডাটা পাৰ্কৰ ব্যৱহাৰৰ সৈতে প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে প্ৰতিমাহে ১৫৪ টকাত এতিয়া উপলব্ধ। এই প্লেনসমূহ বৰ্তমানৰ ভি মুভিজ এণ্ড টিভি প্ৰ’ৰ পৰিপূৰক, যিয়ে ভাৰতত ডিজিটেল মনোৰঞ্জন সমাধানৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে ভিৰ মৰ্যাদা আৰু অধিক বৃদ্ধি কৰিছে। কৌশলগত সহযোগিতা গঢ়ি তুলি বিশেষভাৱে প্ৰস্তুত চাবস্ক্ৰিপচন মডেল প্ৰদান কৰি ভিয়ে এক অতুলনীয় দৰ্শন অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, যাতে উচ্চ মানদণ্ডৰ কণ্টেণ্ট সকলোৰে বাবে অভিগম্য হোৱাটো নিশ্চিত কৰিব পৰা যায়।