ভিআইয়ে ৩,১৯৯ টকাত আগবঢ়াইছে ৩৬৫ দিনৰ ৰিচাৰ্জ প্লেন

600

ভাৰতৰ আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ভিআইয়ে ৩,১৯৯ টকাৰ নতুন বাৰ্ষিক প্ৰিপেইড ৰিচাৰ্জ পেক আগবঢ়াইছে। প্ৰথমবাৰলৈ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ৰিচাৰ্জৰ সৈতে এমাজন প্ৰাইম ভিডিঅ’ চাবস্ক্ৰিপচন প্ৰদান কৰিছে। এই সামগ্ৰিক অফাৰ ভিআই প্ৰিপেইড গ্ৰাহকসকলক সংযোগ আৰু মনোৰঞ্জনৰ এক অতুলনীয় মিশ্ৰণ প্ৰদাৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে।

ভিআই হৈছে একমাত্ৰ টেলিকম প্ৰতিষ্ঠান, যিয়ে ৩,১৯৯ টকাৰ কেটেগৰী তেৰিফ(শ্ৰেণীশুল্ক)ত সৰ্বনিম্ন বাৰ্ষিক প্লেনত আকৰ্ষণীয় বহুতো লাভালাভ আগবঢ়ায়। ভিআই প্ৰিপেইড গ্ৰাহকসকলে এতিয়া প্ৰতিদিনে ৯ টকাতকৈ কম মূল্যত এবছৰৰ নিৰৱচ্ছিন্ন সংযোগ আৰু মনোৰঞ্জন উপভোগ কৰিব পাৰিব।

ভিআইৰ ৩,১৯৯ টকাৰ ৰিচাৰ্জ পেকত আনলিমিটেড কল, প্ৰতিদিনে ২জিবি ডাটা, আনলিমিটেড কল আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা আছে। এই এক্সক্লুছিভ অ’টিটি বেনিফিটৰ অধীনত গ্ৰাহকসকলক শেহতীয়া চিনেমা, টিভি শ্ব’, আৰু আমাজনৰ অৰিজিনেলকে ধৰি বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক বিষয়বস্তু উপভোগৰ সুযোগ প্ৰদান কৰে। এই ৰিচাৰ্জ পেকে সীমাহীন নেচনেল কল, দৈনিক ১০০ এছএমএছ কোটা, উইকেণ্ড ডাটা ৰোলঅভাৰ আৰু হেচল-ফ্ৰী কমিউনিকেচন(বাধাহীন যোগাযোগ)ৰ বাবে নিশা ১২:০০ বজাৰ পৰা পুৱা ৬:০০ বজাৰ ভিতৰত বিঞ্জ ফ্ৰী মেচেজিং প্ৰদান কৰে।